শিৱসাগৰত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯২ তম জন্মদিৱস উদযাপন

Tribute to Bhupen Hazarika

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজি সুধাকণ্ঠ ড0 ভূপেন হাজৰিকাৰ ৯২ সংখ্যক জন্মদিন উলহ মালহৰে পালন কৰা হয়। শিৱসাগৰৰ অন্যতম সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান দিখৌপৰীয়া সন্মিলীত যুৱ সংঘৰ উদ্যোগত আৰু শিৱসাগৰ জিলা প্ৰশাসনৰ সহযোগত অসম ৰত্ন ড0 ভূপেন হাজৰিকাৰ জন্মদিনটো সমন্বয় দিৱস হিচাপে পালন কৰা হয়।

এই উপলক্ষে পুৱা ৯ বজাত পতকা উত্তোলন আৰু ৯.৩০ বজাত জয়দয়াল খেমকা মাতৃ সদনৰ সন্মুখত থকা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলনেৰে দিনজোৰা কাৰ্য্যসূচীৰে সুধাকণ্ঠৰ জন্মদিন পালনৰ অনুষ্ঠান আৰম্ভ হয়।

ইয়াৰ পিছতেই আৰম্ভ হোৱা সদৌ অসম ভিত্তিত একক আৰু দ্বৈত শাখাৰ ভূপেন্দ্ৰ সঙ্গীত প্ৰতিযোগীতা মুকলি কৰে বিশিষ্ট গীটাৰবাদক কমল কটকীয়ে। কমল কটকী আৰু বিপুল কাথাই দ্বৈত ভাৱে মানুহে মানুহৰ বাবে গীত পৰিৱেশন কৰি প্ৰতিযোগীতা আৰম্ভ কৰে।

উক্ত প্ৰতিযোগীতাত অসমৰ বিভিন্ন প্রান্তৰ পৰা অহা প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰাৰ লগতে বিচাৰক হিচাপে অংশ গ্ৰহণ কৰে ভূপেনদাৰ লগত বাদ্যযন্ত্ৰী হিচাপে থকা কমল কটকী, পৰমেশ্বৰ বসুমতাৰী আৰু জনপ্ৰিয় গায়ক বিপুল কাথাই।