• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মাগোৰ উকমুকনি লাগিছে। সি মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে।”কেনিয়াৰ বিখ্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ওলৈ শ্ৰদ্ধাঞ্জলি

পৰেশ মালাকাৰ by পৰেশ মালাকাৰ
June 3, 2025 2:55 pm
108
VIEWS
Share on FacebookShare on Twitter

“মাগোৰ উকমুকনি লাগিছে। সি  মুধচখনৰ ফালে চাই ওপৰমুৱা হৈ শুই আছে। খেৰ আৰু ঢেঁকীয়াৰ চালত ওলমি থকা এলান্ধুবোৰ এইমাত্ৰ যেন তাৰ বুকুতে পৰিবহি। চালেৰে সৰকি অহা  স্বচ্চ পানী  এটোপাল তাৰ মূৰৰ ওপৰত ওলমি আছে। এলান্ধু লাগি পানীৰ টোপালটো ক্ৰমে লেতেৰা আৰু ডাঙৰ হৈ আহিছে ।লেতেৰা পানীৰ টোপালটো এই যেন মাগোৰ গাতে পৰিবহি। মাগোৱে চকু  মুদিবলৈ  চেষ্টা কৰিছে। কিন্তু কি আচৰিত, তাৰ চকু দুটা মুদ নাখায়! সি ককবকাই আছে,  মূৰটো লৰচৰ কৰিব বিচাৰিছে, কিন্তু পৰা নাই। নাই, সি বিছনাত ইকাটি-সিকাটিয়ে কৰিব পৰা নাই। তাৰ হাত-ভৰি সকলো বন্ধা। পানীৰ টোপালটো ক্ৰমে ডাঙৰ হৈ আহিছে। এতিয়া যি কোনো মুহূৰ্ততে লেতেৰা পানীৰ টোপালটো আহি মাগোৰ চকুত পৰিব। সি হাতেৰে চকুকেইটা ঢাকিবলৈ চেষ্টা কৰিছে। কিন্তু নাই, সি কোনোফালে লৰচৰেই কৰিব নোৱাৰে। সি সৰ্ব শক্তি প্ৰয়োগ কৰি শেষবাৰৰ বাবে বিছনাত উঠি বহিবলৈ  চেষ্টা কৰিছে। হঠাৎ  তাৰ চকু খোল খালে। সি কি যে এটা সপোন দেখি আছিল……”

ওপৰৰ কথাখিনিৰে, যোৱা ২৮ মে’ৰ দিনা ৮৭ বছৰ বয়সত মৃত‍্যু বৰণ কৰা  কেনিয়াৰ বিখ‍্যাত লেখক পণ্ডিত আৰু সংগ্ৰামী নগুগি ওৱা থিৱং’ও(Nguni Wa Thiong’O)ৰ ‘A Grain of Wheat’ নামৰ উপন‍্যাসখন আৰম্ভ হৈছে। মই মোৰ সহকৰ্মী এগৰাকীক কথাখিনি পঢ়িবলৈ দি, পিছত তেওঁক মূল এই ইংৰাজী “Mugo felt nervous. He was lying on his back and looking at the roof. Sooty locks hung from the fern and grass thatch and all pointed at his heart. A clear drop of water was delicately suspended above him. The drop fattened and grew dirtier as it absorbed grains of soot. Then it started drawing towards him. He tried to shut his eyes. They would not close. He tried to move his head: it was firmly chained to the bed-frame. The drop grew larger and larger as it drew closer and closer to his eyes. He wanted to cover his eyes with his palms; but his hands, his feet, everything refused to obey his will. In despair, Mugo gathered himself for a final heave and woke up.”  কথাখিনি দেখুৱালোঁ।তেওঁ ক’লে, চাৰ ইংৰাজীতকৈ অসমীয়া কথাখিনিহে বেছি মৰ্মস্পৰ্শী হৈছে।কোনোবাই হয়তো এই কথাখিনি  মোতকৈও ভালকৈ অসমীয়ালৈ অনুবাদ কৰিব পাৰিব পাৰে। কিন্তু ইংৰাজীতকৈ অসমীয়া অনুবাদত কথাখিনি কিয় বেছি  ভাল লাগিছে? তাৰ আগতে, প্ৰথমে মোৰ বন্ধু দুদুলমণিক পুৱা যেতিয়া এই কথাখিনি পঢ়ি শুনাইছিলোঁ তেওঁ কৈছিল, “কি তুমি যে সেইদিনা পলাশবাৰীলৈ গৈছিলা তাৰ লগত ইয়াৰ কিবা সম্পৰ্ক আছে নেকি?” তেনেতে দেখিলোঁ ডঃ হীৰেন গোহাঁইচাৰে  কোনোবা এটা গ্ৰুপত দিয়া এই কথাখিনি-“তুমি যদি পৃথিৱীৰ সকলো ভাষা জানা অথচ তোমাৰ মাতৃভাষা বা তুমি যিটো সংস্কৃতিত ডাঙৰ-দীঘল হৈছা সেই ভাষাটো নাজানা তেন্তে তুমি দাসত্বৰ বলি হৈছা (If you know all the languages of the world and you don’t know your mother tongue, or the language of your culture, that is enslavement.)”

ওপৰৰ কথাখিনিৰ প্ৰতি মোৰ সহকৰ্মী আৰু দুদুলমণিৰ প্ৰতিক্ৰিয়া, গোহাঁইচাৰে প্ৰেৰণ কৰা উক্তিটো- এই সকলোবোৰ আন্তঃসম্পৰ্কিত। ‘ভাষা’ কেৱল মনৰ ভাৱ প্ৰকাশৰ মাধ‍্যমেই নহয়। সেইটো তাৰ একেবাৰে প্ৰাথমিক কামহে, যেনে- ‘Can I go now?’ৰ অৰ্থ – ‘মই এতিয়া যাব পাৰোঁনে?’ৰ দৰে। কিন্তু ভাষা সমাজ, সংস্কৃতি, প্ৰসংগ সংগতি। সেই কাৰণেই ওপৰৰ কথাখিনি মোৰ সহকৰ্মী গৰাকীয়ে মূল ইংৰাজী কথাখিনিতকৈ বেছি ভাল পাইছিল। সেইকাৰণেই দুদুলমণিয়ে তাত  বৰদুৱাৰ বাগানৰ উচ্ছেদৰ আশংকাত থকা মানুহখিনিৰ কথাৰ কিবা এটা প্ৰতীকী গোন্ধ পাইছিল, কিয়নো  মই তালৈ যোৱা কথা দুদুলমণিক কৈছিলোঁ। তেওঁ নৰ্থ-ইষ্ট নাওৰ বাতৰিৰ পৰাও তাৰ সম্ভেদ পাইছিল।আৰু শেষত গোহাঁইচাৰে প্ৰেৰণ কৰা সেই কথাষাৰ- ভাষা, সমাজ, সংস্কৃতি।নগুগি ওৱা থিৱং’ওৰ মৃত‍্যুৰ পিছত তেওঁৰ জীৱন আৰু কৰ্ম, ৰচনাৰ কথা ভাবিবলৈ যাওঁতে  এইবোৰ কথা মনলৈ অহাটো তেনেই স্বাভাৱিক। বিশেষকৈ যোৱা কেইমাহমান মই যিহেতু আমাৰ সভ‍্যতাৰ মৌলিক প্ৰশ্ন কিছুমান বুজিবলৈ/ উপলব্ধি কৰিবলৈ আফ্ৰিকীয় সংবেদনশীলতাৰ বিষয়ে জানিবলৈ, কিবা-কিবি পঢ়িবলৈ  চেষ্টা কৰি আছোঁ। এই সময়ছোৱাত এমে চিজাৰ(১৯১৩-২০৮) ৰ ‘Return to My Native Land’ আৰু  ‘Discourse on Colonialism’ নামৰ কিতাপ দুখন পঢ়ি মই বিশেষভাৱে উপকৃত হৈছোঁ। তাৰ আগেয়ে চিনুৱা আচেবে(১৯৩০-২০১৩), মেলকম এক্স( ১৯২৫-১৯৬৫)আদিৰ কিতাপ। আৰু জেচন হিকেল(১৯৮২)ৰ চিন্তাইতো মোৰ দৃষ্টিভংগীয়ে সলনি কৰি দিলে।এওঁলোক প্ৰায় আটাইবোৰৰ ওপৰত সৰ্বগ্ৰাসী প্ৰভাব পৰা দাৰ্শনিক আৰু চিন্তাবিদ গৰাকী হৈছে ফ্ৰেঞ্জ ফেনন(১৯২৫-১৯৬১)। তেওঁৰ দুখন বিখ‍্যাত কিতাপ হৈছেঃ ‘Black Skin White Mask’ আৰু ‘The Wretched Of The Earth’। এই দুয়োখন কিতাপ মোৰ আছে। প্ৰথম কিতাপখন পঢ়ি মই আচৰিত হৈছিলোঁ। দ্বিতীয় কিতাপখন এতিয়াও পঢ়া হোৱা নাই।

আকৌ ওভতি গৈছোঁ।ইংৰাজীতকৈ সেই কথাখিনি অসমীয়াত কিয় বেছি শুৱাইছিল। বা দুদুলমণিয়ে কিয় বৰদুৱাৰৰ প্ৰতিবাদী ৰাইজৰ কিবা এটা তাত বিচাৰিছিল? বাস্তৱতা। নগুগি ওৱা থিৱং’ওয়ে যিটো বাস্তৱতাৰ পৰা  আহিছে  কেনিয়াৰ সেই বাস্তৱতা তেওঁৰ নিজা ভাষা ‘গিকিউ’(GIKUYU)ত আটাইতকৈ ভালকৈ প্ৰকাশ কৰিব পাৰি; কিয়নো থিৱং’ওয়েও বিশ্বাস কৰিছিল যে ভাষা নিজৰ সংস্কৃতি আৰু পৰিচয়ৰ সৈতে লিপিত খাই থাকে। ‘গিকিউ’ত লিখিলেহে তেওঁ নিজৰ ঐতিহ‍্য আৰু পৰম্পৰাক সঠিকভাৱে দাঙি ধৰিব পাৰিব। সেইকাৰণেই জীৱনৰ শেষৰ ফালে তেওঁ ইংৰাজীত লিখা বাদ দি কেৱল ‘গিকিউ’ত লিখিছিল। আফ্ৰিকীয় বাস্তৱতা প্ৰকাশৰ সঠিক মাধ‍্যম আফ্ৰিকাৰ স্থানীয় ভাষাহে ইংৰাজী নহয়।এই লৈ ষাঠিৰ দশকত আফ্ৰিকাত এটা বৰ ডাঙৰ জাগৰণ এটা হৈছিল। প্ৰখ‍্যাত ইতিহাসবিদ ৰণজিৎ গুহইও(১৯২৩-২০২৩)ঠিক সেইটোৱে কৰা নাছিলনে? গোটেই জীৱন ইংৰাজীত লিখি পিছৰফালে তেওঁ কেৱল বাংলাতহে লিখা-মেলা কৰিছিল। আৰু তত্ত্ব বাদ দি তেওঁ বাংলা সাহিত‍্যতহে ঐতিহাসিক সত‍্যৰ অনুসন্ধান কৰিছিল। এইবাৰ যিখন কন্নড় উপন‍্যাসৰ ইংৰাজী অনুবাদ ‘Heart Lamp’-এ বুকাৰ পুৰস্কাৰ পাইছে সেইখনৰ বিষয় আৰু ভাষাতো সেই একেটা কথাই প্ৰতিফলিত হৈছে।আমাৰ কাৰণে তাৰ এটা ঘৰুৱা উদাহৰণো আছে। সেইটো হৈছে ডঃ হীৰেন গোহাঁই।ইংৰাজী সাহিত‍্যৰ এজন বিদ্বান হৈও তেওঁ কিয় মূলতঃ নিজৰ মাতৃভাষা অসমীয়াতে লিখে।বাস্তৱতাৰ কথাটোও একেই। নিজৰ সম্পদ আৰু ঐতিহ‍্যৰ ওপৰত ইউৰোপৰ ঔপনিৱেশিক আধিপত‍্য।সেই আধিপত‍্যই এতিয়া বহুজাতিকৰ ৰূপ ধাৰণ কৰি নৱ‍্য-ঔপনিবেশিকতাৰ ৰূপ লৈছে বাবেই বৰদুৱাৰৰ মানুহখিনিৰ বাস্তৱতা বুলি ‘A Grain of Wheat’ ৰ আৰম্ভণিৰ দফাটোৰ কথাখিনিক দুদুলমণিয়ে ভুল কৰিছিল।সেই ভুল আক্ষৰিকহে আছিল। অনুভৱ, উপলব্ধিৰ ভুল নাছিল। কিয়নো এচিয়া আৰু আফ্ৰিকাৰ ইতিহাস আৰু ঐতিহ‍্য প্ৰায় একেই। এতিয়াও তেওঁলোক আৰু আমি সন্মুখীন হোৱা সমস‍্যাবোৰ প্ৰায় একেই।

ওৱা থিৱং’ওৰ কি বৈচিত্ৰ্যপূৰ্ণ জীৱন।জীৱনত তেওঁ কিমান কি দুৰ্যোগ আৰু অত‍্যাচাৰৰ সন্মুখীন হৈছিল।মই এতিয়ালৈকে তেওঁৰ মাত্ৰ ‘A Grain of Wheat’ নামৰ উপন‍্যাসখনহে পঢ়িছোঁ। এতিয়া কিন্তু কিতাপখনৰ কথাবোৰ, কাহিনীটো মোৰ স্পষ্টকৈ মনত নাই। পাহৰি গৈছোঁ। আকৌ কিতাপখন লুটিয়াই বগৰাই চালে হয়তো কথাবোৰ মনত পৰিব।কিতাপখনৰ কথা সংগতিপূৰ্ণকৈ লিখিবলৈ হ’লে আকৌ এবাৰ মই কিতাপখন পঢ়িব লাগিব।সেইটো এই মুহূৰ্তত অসম্ভৱ।কিন্তু কিতাপখন পঢ়োঁতে মই নিজে তাৰ মাৰ্জিনত লিখি থোৱা কথাবোৰ পঢ়ি মই উপলব্ধি কৰিছোঁ কিতাপখনে মোৰ ওপৰত কিমান গভীৰ প্ৰভাৱ পেলাইছিল। ‘A Grain of Wheat’ৰ পাতনিটো বৰ তাৎপৰ্যপূৰ্ণ। পাতনিটো লিখিছে ন’বেল বঁটা বিজয়ী ঔপন‍্যাসিক আব্দুলৰেজাক গুৰনাই।তেখেতে লিখিছে, এসময়ত কি মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য‍্যৰে ভৰপূৰ আছিল কেনিয়া। তেতিয়াই প্ৰথম বিশ্ব যুদ্ধৰ(১৯১৪-১৮) পিছত ইউৰোপৰ মানুহে তাত উপনিৱেশ পাতি বহিছিল। আৰু ই চৰম পৰ্যায় পাইছিল ১৯৩৮ত। সেই তেতিয়াই কেনিয়াৰ নৈসৰ্গিক পৰিবেশৰ বিষয়ে কৰেন ব্লিক্সেনে ‘Out of Africa, লিখিছিল যিখন কিতাপক হেমিংৱেই(১৮৯৯-১৯৬১) আফ্ৰিকাৰ বিষয়ে লিখা উৎকৃষ্ট কিতাপ বুলি  কৈছিল।এই কিতাপখন পঢ়ি মোৰ চকু পানী ওলাইছিল। কেনিয়াত থকা কফিৰ বাগিছাখন বিক্ৰী কৰি ব্লিক্সেনে যেতিয়া নিজৰ দেশলৈ ওভতি যাবলৈ ওলাইছিল সেই সময়ৰ তেওঁৰ মানসিক অৱস্থাৰ বিষয়ে তেওঁ কি লিখিছিল চাওকচোনঃ “আফ্ৰিকাৰ পৰা অহাৰ আগৰ মাহ কেইটাত মই এটা কথা লক্ষ‍্য কৰিছিলোঁ। মই যে আফ্ৰিকা এৰিবলৈ ওলাইছিলোঁ সেই সম্পৰ্কে মোতকৈ আগতে যেন মোৰ চৌপাশৰ নিৰ্জীৱ বস্তুবোৰ সজাগ হৈ উঠিছিল।পাহাৰ, হাবি, সমভূমি, নদী আৰু বতাহ সকলোৱে জানিছিল যে আমাৰ বিদায়ৰ সময় সমুপস্থিত হৈছিলহি। বাগিছাখন বিক্ৰীৰ কথা-বাৰ্তা  চলা সময়ৰে পৰা মোৰ প্ৰতি সমগ্ৰ পৰিবেশটোৰ দৃষ্টিভংগী সলনি হৈছিল।তেতিয়ালৈকে মই এই পৰিবেশটোৰ অংশ আছিলো। তেতিয়ালৈকে খৰাং বতৰ যেন মোৰ কাৰণে জ্বৰহে আছিল আৰু আৰু ফুলেৰে জাতিষ্কাৰ হোৱা বসন্ত যেন মোৰ কাৰণে এটা নতুন ফ্ৰকহে আছিল।এতিয়া গোটেই ঠাইখন মোৰ পৰা অলপ আঁতৰি গৈ যেন দূৰতহে থিয় হৈছে যাতে মই সকলোকে ভালদৰে দেখা পাওঁ।( When I look back upon my last months in Africa, it seems to me that the lifeless things were aware of my departure a long time before I was so myself. The hills, the forests, plains and rivers, the wind, all knew that we were to part. When I first began to make terms with fate, and the negotiations about the sale of the farm were taken up, the attitude of the landscape towards me changed. Till then I had been part of it, and the drought had been to me like a fever, and the flowering of the plain like a new frock. Now the country disengaged itself from me, and stood back a little, in order that I should see it clearly and as a whole.) উস, কালিদাসলৈ মনত নপৰেনে আমাৰ! কিন্তু যিমান কোমল হৃদয়ৰ নহ’লেও ব্লিক্সেনো ইউৰোপীয়ই আছিল। অৱশ‍্যে তেওঁৰ স্থানীয় লোক সকলৰ লগত বৰ সৌহাৰ্দ‍্যপূৰ্ণ সম্পৰ্ক আছিল। এতিয়া A Grain Of Wheatৰ১০৬ পৃষ্ঠাত থকা এই কথাখিনিলৈ মন কৰকঃ “…Instead I was born in a valley. The grass in the valley – man, it was big and green-rich. The sun shone daily. And the rain also fell and fruit trees sprung from the earth. I often lay in the sun on the grass, a piece of fruit in my hand, and listened to the running stream and the wild animals. Nobody knew of this valley and I knew no fears.” তাৰপিছতে আছে কেনেকৈ এই কুমাৰী পৃথিৱী ইউৰোপৰ পৰা অহা শ্বেতকায়ী লোক সকলে বলপূৰ্বক হস্তগত কৰিছিল। যিমান দৰদী নহ’লেও ব্লিক্সেনো সেই ফৈদৰে এগৰাকী আছিল। যদিও তেওঁ নিজে কেতিয়াও কোনো স্থানীয় মানুহক অত‍্যাচাৰ কৰা নাছিল। আব্দুলৰেজাকে কৈছে যে এইখন এখন ৰাজনৈতিক উপন‍্যাস। তেওঁ ক’বই নালাগে। মই নিজে উপন‍্যাসখন পঢ়ি সেইটো উপলব্ধি কৰিছোঁ। কিন্তু ইয়াত গাইগুটীয়া চৰিত্ৰতকৈ সামূহিক, সমষ্টিগত অস্তিত্বৰ মহাকাব‍্যিক বৈশিষ্ট‍্য এটাহে দেখা যায়। বিদ্ৰোহ আৰু প্ৰতিবাদ উপন‍্যাসখনৰ পাতে পাতে। এই কথাখিনিলৈ মন কৰকঃ  “ She began. Have you lost all shame? Just because the Whitman tells you so, you would actually touch your own mother’s …. the woman who gave you birth? All right, All right, I’ll lift the clothes and you can have a look at your mother. It is so aged, and see what gain it’ll bring you for the rest of your life.’ She actually made as if to lift her clothes and expose her nakedness. The man involuntarily turned his eyes away.”( ১৯ পৃষ্ঠা) ই মহাশ্বেতা দেৱীৰ ‘দ্ৰৌপদী’ নামৰ গল্পটোৰ কথা মনত পেলাই নিদিয়ে নে?  যিটো গল্পৰ গায়ত্ৰী চক্ৰবৰ্তী স্পিভাক(১৯৪২) ৰ ইংৰাজী অনুবাদ আৰু আলোচনাই এসময়ত পণ্ডিত মহলত আলোড়ণৰ সৃষ্টি কৰিছিল। আৰু এটা লোমহৰ্ষক উদ্ধৃতি মই ইয়াত দিব পৰা নাই যিটোৰ কথা বিজয় প্ৰসাদে(১৯৬৭) ৩০ মে’ত  নগুগিৰ বিষয়ে লিখা সুন্দৰ প্ৰবন্ধ এটাত উল্লেখ কৰিছে। নগুগিৰ এজন ভায়েক কলা আছিল। এবাৰ বৃটিছ সৈন‍্যই তেওঁক মউ মউ বিদ্ৰোহী সকলৰ এজন বুলি সন্দেহ কৰি পিছফালৰ পৰা চিঞৰি ৰ’বলৈ কৈছিল। কিন্তু কলা কাৰণে তেওঁ তেওঁলোকৰ সতৰ্কীকৰণ শুনা নাছিল বাবে ৰৈ নিদি গৈ আছিল। তেতিয়াই তেওঁ সতৰ্কীকৰণ অমান‍্য কৰা বুলি ভাবি পিছফালৰ পৰা গুলীয়াই তেওঁক হত‍্যা কৰা হৈছিল।কেনিয়াৰ স্বাধীনতা সংগ্ৰাম গান্ধীৰ দ্বাৰাও বাৰুকৈ প্ৰভাবিত আছিল।এই উপন‍্যাসখন কেনিয়াৰ এটা সময়ৰ  এক  বলিষ্ঠ চিত্ৰায়ণ।ইয়াত মানুহৰ দুখ, হতাশা, আনন্দ, বিষাদ সকলো আছে। মই আৰম্ভ কৰিছিলোঁ মাগোৰে। এতিয়া শেষো কৰো মাগোৰ কথাৰে। উপন‍্যাসখনৰ মাগোৰ  চৰিত্ৰটো  কিন্তু এটা একক চৰিত্ৰ- যিটো সমূহীয়া কোলাহলৰ পৰা আঁতৰৰ এক বিচ্ছিন্ন সত্তা।কেতিয়াবা আকৌ এনে অনুভৱ হয়  মাগো যেন সমূহৰ বিৱেকহে। সমূহে মাগোক এৰি দিব নিবিচাৰে। কিন্তু মাগোকলৈ যেন কিবা এটা ৰহস‍্য।সেই ৰহস‍্য নিহিত মাগোৰ বিশ্বাসঘাটকতাত। মাগো ইমানে শক্তিশালী ব‍্যক্তিত্বৰ অধিকাৰী আছিল যে নিজৰ  বিশ্বাসঘাটকতাৰ অকপট স্বীকাৰোক্তিৰ পিছতো কিন্তু মাগোৰ প্ৰতি সমাজত তাৰ সন্মান অলপো কমা নাছিল।  উপন‍্যাসখনক আব্দুলৰেজাকে এক ইতিবাচক নৈতিক আখ‍্যান বুলি কৈছে। এই উপন‍্যাসখন নগুগি ওৱা থিৱং’ওৱে তেওঁৰ ২৮ বছৰ বয়সত লিখিছিল যেতিয়া তেওঁ ইংলেণ্ডৰ লিডচ বিশ্ববিদ‍্যালয়ত গৱেষণা কৰিবলৈ গৈছিল। কিন্তু গৱেষণা আধৰুৱা কৰি তেওঁ ১৯৬৪-৬৬ ৰ ভিতৰত এই উপন‍্যাসখনহে লিখিছিল। নগুগি ওৱা থিৱং’ওৰ মৃত‍্যুৰ পিছত এতিয়া আকৌ  সকলো ফালে তেওঁৰ বিষয়ে আৰু তেওঁৰ কিতাপবোৰৰ বিষয়ে আলোচনা আৰম্ভ হৈছে।

Recent News

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

ৰাজ্যৰ বান পৰিস্থিতি অপৰিৱৰ্তিত! উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰ কৰক; এপিএছচি পৰীক্ষাৰ দিন পুনৰ বিবেচনা কৰকঃ ডি ৱাই এফ আই

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

তিনিচুকীয়াৰ বাগানত সংঘটিত নাবালিকা বলাৎকাৰ কাণ্ডৰে জড়িতক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ ৰ’জলীনা তিৰ্কী, মীৰা বৰঠাকুৰৰ

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

ছিন্নাস্বামী ষ্টেডিয়ামত RCB জিকাৰ আনন্দ পৰিণত হ’ল কাৰুণ্যলৈ : পদস্পিষ্ট হৈ নিহত ১১ জন লোক, আহত বহুজন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

নাকচ কৰা হ’ল বিশেষ অধিৱেশনৰ দাবী : ঘোষণা কৰা হ’ল গ্ৰীষ্মকালিন অধিৱেশনৰ দিন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd