NORTHEAST NOW (Assamese)

অমিত শ্বাহ, মুখ্য মন্ত্ৰী সোণোৱালৰ উপস্থিতিত নতুন দিল্লীত স্বাক্ষৰিত হ’ল বড়ো চুক্তি

January 27, 2020 2:37 pm · এন ই নাও নিউজ
Updated: January 27, 2020 3:15 pm

সোমবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বড়ো নেতৃত্বই শান্তি চুক্তিত স্বাক্ষৰ কৰে।

আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত স্বাক্ষৰিত হোৱা চুক্তিখনত এন ডি এফ বিৰ আটাইকেইটা গোটেই স্বাক্ষৰ কৰে।

বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও চুক্তিখনত স্বাক্ষৰ কৰে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জানিবলৈ দিয়ে যে বড়োলেণ্ডৰ বিদ্ৰোহী গোটৰ ১৫৫০ গৰাকী বিদ্ৰোহীয়ে এই চুক্তিৰ জৰিয়তে আজি মূলসুঁতিলৈ ঘুৰি আহিল।

সুকীয়া বড়োলেণ্ডৰ দাবী কৰা চাৰিটা গোটে হিংসা পৰিহাৰ কৰি আজি শান্তি চুক্তিত স্বাক্ষৰ কৰাৰ কথাও কোৱা হৈছে। ইয়াৰ পাছত আৰু কোনো সুকীয়া বড়োলেণ্ডৰ দাবী উত্থাপিত নহয় বুলি অমিত শ্বাহে জানিবলৈ দিয়ে।

চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত অমিত শ্বাহে কয় যে ১৯৮৭ চনৰ পৰা চলি থকা এই আন্দোলনটো হিংসাত্মক হৈ পৰিছিল আৰু ইয়াত ২৮২৩ লোকৰ সংঘৰ্ষত মৃত্যু হয়।

ইয়াত ৯৪৯ গৰাকী বড়ো সংগঠনসমূহৰ সদস্যৰ লগতে ২৩৯ গৰাকী সুৰক্ষা বাহিনীৰ লোক নিহত হয়।

নতুনকৈ গঠন হ’বলগীয়া বি টি আৰ অৰ্থাৎ বড়ো টেৰিটৰিয়েল ৰিজনত সুকীয়া বিশ্ববিদ্যালয়, কিছু ৰাজনৈতিক ক্ষমতা, বড়ো ভাষাৰ সম্প্ৰসাৰণ আদি কৰা হ’ব।

তদুপৰি, ভৌগোলিক তথা ৰাজনৈতিক অধিকাৰসমূহৰ বিষয় চূড়ান্ত কৰাৰ বাবে এখন নিৰীক্ষণ কমিটি গঠন কৰা হ’ব।

Related News