মৰ্মান্তিক! ৮ দিন পুত্ৰৰ মৃতদেহৰ সৈতে বাস কৰিলে ত্ৰিপুৰাৰ ৮২ বছৰীয়া বৃদ্ধাই

ত্ৰিপুৰাত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা।  বিগত আঠ দিন ধৰি ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাৰ এটা ঘৰত মৃত পুত্ৰৰ মৃতদেহৰ সৈতে বাস কৰি থকা অৱস্থাত উদ্ধাৰ হয় এগৰাকী ৮২ বছৰীয়া মহিলা।

ত্ৰিপুৰাৰ আগৰতলা চহৰৰ শিৱনগৰ অঞ্চলত সংঘটিত হৈছে এই দুখজনক ঘটনা।

খবৰ অনুসৰি কেইবাবছৰ ধৰি বিচনাত পৰি থকা বৃদ্ধাগৰাকীক অসহায় অৱস্থাত এৰি শেষ নিশ্বাস ত্যাগ কৰে পুত্ৰই।

আৰক্ষীৰ সূত্ৰ অনুসৰি, প্ৰায় তিনি বছৰ পূৰ্বে পাৰিবাৰিক বিবাদৰ বাবে বোৱাৰীয়ে ঘৰ এৰি যোৱাৰ পিছৰে পৰা পুত্ৰ সুধীৰ (৫৪)ৰ সৈতে বাস কৰিছিল কল্যাণী সুৰ চৌধুৰী নামৰ বৃদ্ধা মহিলাগৰাকীয়ে। 

ত্ৰিপুৰাৰ মহাৰাগাং বজাৰ আৰক্ষী আউটপোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া মৃণাল পলে কয়, ‘ঘৰৰ পৰা নিৰ্গত হোৱা দুৰ্গন্ধ ধৰা পৰাত চুবুৰীয়াই আমাক খবৰ দিছিল। আমি তৎক্ষণাত ঘটনাস্থললৈ গ’লোঁ আৰু এজন কাৰ্যবাহী দণ্ডাধীশৰ উপস্থিতিত বলপূৰ্বকভাৱে চৌহদটোত প্ৰৱেশ কৰিলোঁ। ভিতৰত আমি বিচনাত পৰি থকা এজন মানুহৰ মৃতদেহ আৱিষ্কাৰ কৰিলোঁ, আনহাতে তেওঁৰ দুৰ্বল মাকক আন এটা কোঠাত শুই থকা অৱস্থাত উদ্ধাৰ কৰিলোঁ।”

‘পক্ষাঘাতগ্ৰস্ত বৃদ্ধাগৰাকীক লগে লগে ওচৰৰ স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয়। মৃতদেহটোৰ ওচৰত খালী মদৰ বটল উদ্ধাৰ কৰা হৈছে।’-ত্ৰিপুৰা আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয়।

কৰ্তৃপক্ষই সন্দেহ কৰিছে যে লোকজনে অত্যধিক মদ্যপানৰ ফলত মৃত্যুবৰণ কৰিছিল।

ইতিমধ্যে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে, প্ৰতিবেদন লাভ কৰাৰ লগে লগে মৃত্যুৰ সঠিক কাৰণ নিৰ্ণয় কৰা হ’ব।