NORTHEAST NOW (Assamese)

মোদীৰ সভাত সতীৰ্থ মহিলাক বিজেপিৰ মন্ত্ৰীয়ে আপত্তিকৰভাৱে স্পৰ্শ কৰা ভিডিঅ’ৰ প্ৰতিক্ৰিয়া অব্যাহত

February 11, 2019 4:30 pm · এন ই নাও নিউজ
Updated: February 11, 2019 4:32 pm
ত্ৰিপুৰাৰ ক্ৰীড়া মন্ত্ৰী: ফটো সৌজন্য: নৰ্থ-ইষ্ট নাও

৯ ফেব্ৰুৱাৰিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিপুৰাত কেইবাটাও প্ৰকল্প উদ্বোধনৰ এটা কাৰ্য্যসূচীৰ সময়ত বিজেপিৰ মহিলা মন্ত্ৰী এগৰাকীক সতীৰ্থ মন্ত্ৰী এজনে আপত্তিকৰভাৱে স্পৰ্শ কৰা ভিডিঅ’ ক্লিপটোক লৈ এতিয়াও অব্যাহত আছে প্ৰতিক্ৰিয়া।

ঘটনাটোত বিব্ৰত হোৱা ত্ৰিপুৰা ৰাজ্যিক বিজেপিয়ে ভিডিঅ’টোৰ বিষয়বস্তু ‘সম্পাদিত’ বুলি দাবী কৰিছে। বিৰোধীয়ে দলটোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবৰ বাবেই ভিডিঅ’টো সম্পাদিত ৰূপত প্ৰচাৰ কৰিছে, এই দাবী ত্ৰিপুৰা বিজেপিৰ।

“ইমান মানুহৰ মাজত কেনেকৈ এইটো সম্ভৱ?” ঘটনাটোৰ লগত জড়িত ক্ৰীড়া মন্ত্ৰী মনোজকান্তি দেবৰ উদ্ধৃতিৰে এইদৰে কয় ত্ৰিপুৰা বিজেপিয়ে।

আনহাতে, ত্ৰিপুৰা বিজেপিৰ মিডিয়া গোটৰ প্ৰভাৰী ভিক্তৰ সোমে কয় যে কোনোবাই যদি অসম্পাদিত ভিডিঅ’টো চাই তেতিয়াই সকলো কথা বুজিব পাৰিব।

উল্লেখযোগ্য যে ভাইৰেল হোৱা ভিডিঅ’টোত কাৰ্য্যসূচীটোৰ সময়ত খেল মন্ত্ৰী মনোজকান্তি দেবে তেওঁৰ সন্মুখত থিয় দি থকা সমাজ কল্যাণ মন্ত্ৰী সান্ত্বনা চাকমাক আপত্তিকৰভাৱে স্পৰ্শ কৰা দেখা যায়, য’ত সান্ত্বনা চাকমাই মনোজকান্তি দেবৰ হাতখন এছাৰ মাৰি আঁতৰাই দিয়ে।

বিজেপিৰ মন্ত্ৰী এজনৰ ৰাজহুৱা অনুষ্ঠানত এনে অশোভনীয় আচৰণত ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

https://www.facebook.com/1352349224907662/videos/2153558694702203/

Related News