ত্ৰিপুৰাত নতুনকৈ ক’ৰ’না আক্ৰান্ত ৯৩ গৰাকী লোক; মুঠ আক্ৰান্তৰ সংখ্যা ১৫৩৫ লৈ বৃদ্ধি

ত্ৰিপুৰাত শুকুৰবাৰে নতুনকৈ ৯৩ গৰাকী লোকৰ দেহত কোভিড-১৯-ৰ উপস্থিতি ধৰা পৰে।

নতুনকৈ কোভিড-১৯ আক্ৰান্ত হোৱা এই ৯৩ গৰাকী লোকৰ সৈতে ত্ৰিপুৰাত মুঠ কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যা ১৫৩৫ গৰাকীলৈ বৃদ্ধি পায়ষ

ত্ৰিপুৰা অসমৰ পাছতে উত্তৰ-পূবৰ সৰ্বাধিক ক’ৰ’নাৰ সংক্ৰমণ হোৱা ৰাজ্য।

উত্তৰ-পূবৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যক লোক ক’ৰ’না আক্ৰান্ত হৈছে। অসমত ক’ৰ’না আক্ৰান্ত হোৱা লোকৰ সংখ্যাই ৯০০০ অতিক্ৰম কৰিছে।

ত্ৰিপুৰাত শুকুৰবাৰে নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৯৩ গৰাকী লোকৰ ভিতৰত ৪৯ গৰাকী লোক অন্য ৰাজ্যৰ পৰা উভতি অহা।

শুকুৰবাৰে ত্ৰিপুৰাত ক’ৰ’না আক্ৰান্ত ৯৩ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী ঢালাই জিলাৰ, ১৫ গৰাকী গোমাটিৰ, ১৬ গৰাকী পশ্চিম জিলাৰ, ১৩ গৰাকী উত্তৰ ত্ৰিপুৰাৰ, ১১ গৰাকী চিপাহী জিলাৰ, ৯ গৰাকী খোৱাই জিলাৰ, ২ গৰাকী উনকোটি আৰু ২ গৰাকী দক্ষিণ ত্ৰিপুৰাৰ।

ত্ৰিপুৰাত শুকুৰবাৰে মুঠ ১৩২৫ গৰাকী লোকক পৰীক্ষা কৰা হয়।

মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে এই কথা জানিবলৈ দিয়ে।