NORTHEAST NOW (Assamese)

ত্ৰিপুৰাত গৰু চোৰৰ সন্দেহত উন্মত্ত লোকে হত্যা কৰিলে এজনক

July 4, 2019 8:40 am · এন ই নাও নিউজ
Updated: July 4, 2019 10:21 am

ত্ৰিপুৰাৰ ধলাই জিলাৰ ৰাইশ্যাবাৰী অঞ্চলত ৩ জুলাইত অৰ্থাৎ যোৱা বুধবাৰে এদল উন্মত্ত লোকে চলোৱা আক্ৰমণৰ ফলত এজন সন্দেহযুক্ত গৰু চোৰে প্ৰাণ হেৰুৱাব লগীয়া হয়।

ৰাইশ্যাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জনোমতে মঙলবাৰে দিনৰ প্ৰায় ১১ বজাত পোৱা এক খবৰৰ ভিত্তিত অঞ্চলটোৰ এখন দুগ্ধপামত উপস্থিত হৈ তেওঁলোকে ৰাইজৰ দ্বাৰা বেয়াকৈ প্ৰহৃত লোকক উদ্ধাৰ কৰিছিল।

লোকজনক আৰক্ষীয়ে চিকিৎসালয়লৈ লৈ যায় যদিও আজি পুৱা প্ৰায় ৩.৩০ বজাত চিকিৎসালয়তে তেওঁৰ মৃত্যু হয়। নিহত লোকজনক জিলাখনৰ মিনোফাপাৰাৰ জ্যোতি কুমাৰ ত্ৰিপুৰা (৩৬) বুলি চিনাক্ত কৰা হৈছে।

আৰক্ষীয়ে মৃতদেহটেৰ মৰণোত্তৰ পৰীক্ষা কৰোৱাই ঘটনা সম্পৰ্কত তদন্ত আৰম্ভ কৰিছে বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিয়ে।

Related News