• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হাফলং আৰু মাইবাং কলেজত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ দাবী ডি এল এমৰ

Pankaj Kumar Deb পংকজকুমাৰ দেব
হাফলং , July 4, 2019 7:29 am

2 min read

directorate-of-higher-education-1-610x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

3.2k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে অলপতে ৰাজ্যৰ ৯৭ খন কলেজত বি এড পাঠ্যক্ৰম অন্তৰ্ভুক্তি কৰাৰ কথা ঘোষণা কৰিছে। য’ত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহাবিদ্যালয়ত বি এড পাঠ্যক্ৰম চালু কৰাৰ কথা উল্লেখ কৰাৰ বিপৰীতে অকল বাদ দিয়া হৈছে পাৰ্বত্য ডিমা হাচাও জিলাক।

চৰকাৰৰ এনে সিদ্ধান্তত এতিয়া জাঙুৰ খাই উঠিছে পাৰ্বত্য জিলাৰ বিভিন্ন দল-সংগঠন। বিশেষকৈ ডিমাচা স্টুডেন্ট য়ুনিয়নৰ এক প্ৰতিনিধি দলে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত দিচপুৰত সাক্ষাৎ কৰি ডিমা হাচাওক এই পাঠ্যক্ৰমৰ কাৰণে বিবেচনা কৰাৰ দাবী জনাইছিল।

ইফালে ডিমাচা সাহিত্য সভা (ডিমাচা লাইৰেদিম মেল)ৰ ডিমা হাচাও জিলা সমিতিয়ে হাফলং চৰকাৰী কলেজ আৰু মাইবাং ডিগ্ৰী কলেজত বি এড পাঠ্যক্ৰম চালু কৰাৰ দাবি সন্নিবিষ্ট কৰি উচ্চ শিক্ষা সঞ্চালকক এখন স্মাৰকপত্ৰ প্ৰদান কৰে।

সমিতিৰ সভাপতি কালিজয় চেঙগুইন আৰু যুটীয়া সচিব নৰেশ লংমাইলাইয়ে স্বাক্ষৰ কৰা স্মাৰকপত্ৰত উল্লেখ কৰা হয় যে  বৰ্তমান চৰকাৰে ‘চবকা চাথ চবকা বিকাশ অউৰ চবকা বিশ্বাস’ ৰ নীতিৰে আগ বাঢ়ি আছে। তেনে নীতি বাস্তৱায়িত কৰাৰ সময়ত অসমৰ ৯৭ খন কলেজত বি এড পাঠ্যক্ৰম চালু কৰাৰ সিদ্ধান্ত গ্ৰহণৰ সময়তে পাহাৰীয়া ডিমা হাচাওক বঞ্চিত কৰাটো দুৰ্ভাগ্যজনক।

স্মাৰকপত্ৰত আৰু উল্লেখ কৰা হয় যে ডিমা হাচাও জিলা শিক্ষাৰ ক্ষেত্ৰত এতিয়াও ৰাজ্যৰ ভিতৰত আগুৱাই থকা এখন জিলা। আই এ এছ, আই পি এছ, আই এফ এছত ডিমা হাচাওৰ পৰা প্ৰতিনিধি কৰা ভালে সংখ্যক যুবক যুবতী আছে। আনহাতে এ পি এছ চিতো ডিমা হাচাও পিছ পৰি থকা নাই।  অকল এয়াই নহয় হাইস্কুল শিক্ষান্ত পৰীক্ষাতো ডিমা হাচাওৰ পৰা ছাত্ৰ-ছাত্ৰী সকলে ভাল ফলাফল দেখুৱায়।

এনে পৰিস্থিতিত জাতীয় শিক্ষা নীতিৰ আধাৰত ডিমা হাচাও জিলাৰ মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীক বি এড অধ্যয়নৰ সুযোগ দিয়াৰ লক্ষ্যৰে হাফলং আৰু মাইবাঙত পৃথকে পৃথকে পাঠ্যক্ৰম চালু কৰাৰ দাবী জনায়।

Recent News

a modi

টীয়কত অনিৰ্বাণ সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত শিল্পী দিৱস উদযাপন

FB_IMG_1610885972644

বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ তিনিচুকীয়াৰ ছাত্ৰ মুক্তিৰ নেতা উমানন্দ মুদৈ মৰাণ

gang-rape

এবাৰ দুবাৰ নহয়, তিনিবাৰকৈ অপহৰণ কৰি নি ১৩ বছৰীয়া কিশোৰীক দলৱদ্ধ ধৰ্ষণ ৯ জনৰ

Legendary classical musician Ustad Ghulam Mustafa Khan dies at 89

ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কিংবদন্তি শিল্পী ওস্তাদ গুলাম মুস্তাফা খান আৰু নাই

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd