NORTHEAST NOW (Assamese)

ঈদত হিন্দু যুৱতী মডেলক লৈ ভিডিঅ’! গণ প্ৰহাৰ মুছলামন Youtuberক

April 26, 2023 7:15 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: April 26, 2023 8:18 pm

পৱিত্ৰ ঈদৰ বতৰতে সাম্প্ৰদায়িক ঘৃণাৰ এক বাতৰিয়ে সংবাদ মাধ্যমত স্থান লাভ কৰিছে। এগৰাকী মুছলমান য়ুটিউবাৰক হিন্দুলোকে গণপ্ৰহাৰ কৰাৰ বাতৰি পোৱা গৈছে।

ঘটনাটো চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উদয়পুৰ চহৰৰ। প্ৰকাশিত বাতৰিৰ মতে মুছলমান সম্প্ৰদায়ৰ এগৰাকী য়ুটিউবাৰে ঈদ সম্পৰ্কীয় এটা মিউজিক ভিডিঅ’ত হিন্দু সম্প্ৰদায়ৰ য়ুৱতীক অভিয়ন কৰোৱাই গণ ৰোষত পৰিছে। স্থানীয় হিন্দু লোকে ঈদৰ সময়ত ভিডিঅ’টোত হিন্দু যুৱতীক কিয় অভিনয় কৰোৱা হৈছে বুলি প্ৰশ্ন কৰি মুছলমান য়ুটিউবাৰগৰাকীক গণ প্ৰহাৰ কৰাৰ অভিযোগ উঠিছে।

ইতিমধ্যে বাপন নন্দী নামৰ য়ুটিউবাৰগৰাকীক ক্ষুব্ধ জনতাই ভিডিঅ’টোত হিন্দু যুৱতীক কিয় মুছলমান চৰিত্ৰ হিচাপে অভিনয় কৰোৱা হৈছে সেই বিষয়ে প্ৰশ্ন কৰি থেলাহেচা কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অন্যান্য কন্টেন্ট ক্ৰিয়েটৰৰ সৈতে Youtubeৰ সকলে এই কাণ্ডক গৰিহণা দি সাম্প্ৰদায়িক সম্প্ৰীতিক বিনষ্ট কৰাৰ প্ৰয়াস কৰি ‘আক্ৰমণ’ কৰা বুলি অভিহিত কৰিছে।

 

 

ইফালে, হিন্দু সম্প্ৰদায়ক বদনাম কৰাৰ অভিযোগ কৰি বিশ্ব হিন্দু পৰিষদে নন্দীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

অৱশ্যে য়ুটিউবাৰ নন্দীয়ে দাবী কৰে যে তেওঁ ভিডিঅ’টোৰ প্ৰযোজক তেওঁ নহয় আৰু আন কে’বাগৰাকীও মডেল আৰু কন্টেন্ট ক্ৰিয়েটৰে শিল্পী হিচাপে ভিডিঅ’টোত অভিনয় কৰিছিল।

তদুপৰি ভিডিঅ’টোত অভিনয় কৰা যুৱতীকেইগৰাকীয়েও ভিডিঅ’ বিবৃতি প্ৰকাশ কৰি কয় যে মিউজিক ভিডিঅ’ত কোনো চৰিত্ৰক চিত্ৰিত কৰাত তেওঁলোকৰ কোনো আপত্তি নাই। তেওঁলোকে পেছাদাৰী শিল্পী হিচাপেহে ভিডিঅ’টোত অভিনয় কৰিছে।

‘মিষ্টাৰ ছিদ্দিক নামৰ ইউটিউব চেনেলটোৰ মালিক মোৰ বন্ধু ছিদ্দিকৰ চেনেলত মুক্তি পোৱাৰ এদিন পিছতে মোৰ চেনেলত ভিডিঅ’টো পোষ্ট কৰা হৈছিল। কিন্তু কেৱল মোকহে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল। আমাৰ প্ৰত্যেককে গীতটোত অভিনয় কৰাৰ বাবে ধন দিয়া হৈছিল।’- এটা স্থানীয় এটা নিউজ পৰ্টেলক এইদৰে কয় আক্ৰমণৰ বলি হোৱা য়ুটিউবাৰ নন্দীয়ে।

Related News