উত্তৰ ত্ৰিপুৰা জিলাত পেট্ৰল টেংকাৰৰ পৰা ২১০০ কেজি শুকান গাঞ্জা জব্দ

20180907_125044

মুখ্য মন্ত্ৰী বিপ্লব কুমাৰ দেবে ত্ৰিপুৰাত বেআইনীভাৱে সৰাবৰাহ কৰা সামগ্ৰীৰ ওপৰত কঠোৰৰ পৰা কঠোৰ হৈ অহাৰ সমসাময়িকভাৱে ৰাজ্যখনত নিচাযুক্ত ঔষধৰ কাৰবাৰীয়ে এই নিষিদ্ধ সামগ্ৰীবিধ সৰাবৰাহ কৰাৰ বাবে নিত্য নতুন কৌশল উদ্ভাৱ কৰিবলৈ ধৰিছে।

এনে এটা ঘটনা সদ্যহতে সংঘটিত হৈছে ৰাজ্যখনৰ উত্তৰ ত্ৰিপুৰা জিলাত। ঘটনাৰ বিৱৰণি মতে উত্তৰ ত্ৰিপুৰা জিলা আৰক্ষীয়ে বৃহস্পতিবাৰে শেষ নিশা বাগপাছা আৰক্ষী চকীৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ-৪৪ত এখন পেট্ৰল পৰিবাহী টেংকাৰৰ পৰা বৃহৎ পৰিমাণৰ শুকান গাঞ্জা জব্দ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত বাগপাছা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দিপলা ৰিদ্ৰপলৰ সৈতে উত্তৰ ত্ৰিপুৰা জিলা আৰক্ষীৰ এটা দলে টেংকাৰখন খেদি খেদি আটক কৰে। আটক কৰা টেংকাৰখন AS-01U7688 নম্বৰত পঞ্জীয়নভুক্ত। আৰক্ষীয়ে টেংকাৰখনৰ পৰা মুঠ ২১০০ কেজি শুকান গাঞ্জা জব্দ কৰে যিখিনিৰ বজৰ মূল্য ১.৫ কোটি টকা হ’ব বুলি ঠাৱৰ কৰা হৈছে।

অভিযানত জড়িত আৰক্ষীৰ লোকসকলে জানিবলৈ দিছে যে এটা গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এই অভিযান চলাইছিল। আৰক্ষীৰ দলটোৱে টেংকাৰখনে যেতিয়া ৰাজ্যখনৰ পৰা বাহিৰলৈ যাবলৈ আগৰতলাৰ পৰা চুৰাইবাড়ীৰ মাজেৰে আহি আছিল, তেতিয়াই আৰক্ষীয়ে অনুসৰণ কৰিছিল। যদিওবা টেকাৰখনে পানীসাগৰৰ বেৰিকেডৰ আনকি বাগপাছাৰ পৰাও পলাই গৈছিল, পাছত আৰক্ষীয়ে টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হৈছিল।

পেট্ৰল পৰিবাহী টেংকাৰত গাঞ্জাৰ চোৰাং কাৰবাৰ কৰাটো এটা ভাবিব নোৱাৰা কাম, যিটো সম্প্ৰতি পোহৰলৈ আহিছে। যদিওবা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰীয়ে ৰাজ্যখনক নিচাযুক্ত ঔষধৰ পৰা মুক্ত কৰাৰ পণ লৈছে, তথাপি নিচাযুক্ত ঔষধ সৰাবৰাহকাৰীসকলে চোৰাংভাৱে নিচাযুক্ত ঔষধ পৰিবহণ কৰাৰ নিত্য-নৈমিত্যিক নতুন উপায় উলিয়াই আছে।