বিহাৰৰ পৰা আগৰতলালৈ পশুখাদ্য কঢ়িয়াই অনা ট্ৰাক ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা অপহৰণ: এজনক গ্ৰেপ্তাৰ

বঙাইগাঁও আৰক্ষীয়ে ধুবুৰী জিলাৰ চাপৰৰ ওচৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পশুখাদ্যসহ হাইজেক হোৱা ট্ৰাক এখন যোৱা নিশা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷

জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালৰ নেতৃত্বত বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা আগৰতলা অভিমুখী হাইজেক হোৱা ট্ৰাকখনত প্ৰায় ১৩ লাখ টকাৰ ব্ৰইলাৰ মূৰ্গীৰ খাদ্য আছিল৷

আৰক্ষীয়ে ট্ৰাক হাইজেক কাণ্ডৰ সৈতে জড়িত এজন ব্যক্তিকো কৰায়ত্ত কৰিছে ৷ ঘটনা সন্দৰ্ভত বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোনোৱালে জানিবলৈ দিয়া মতে বিহাৰৰ হাজিপুৰ বৈশালীৰ পৰা গুৱাহাটী হৈ আগৰতলালৈ বুলি এন এল ০১ এল ৫৪৮২ নম্বৰৰ ট্ৰাকখনে ব্ৰইলাৰ মূৰ্গীৰ খাদ্য কঢ়িয়াই লৈ আহি থকা অৱস্থাত অসমত প্ৰৱেশ কৰাৰ পিছত দুৰ্বৃত্তই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক কৰে ৷

ইপিনে পশুখাদ্যসহ ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা ট্ৰাক এখন হাইজেক কৰা বুলি বঙাইগাঁও আৰক্ষীয়ে খবৰ লাভ কৰে ৷ লগতে পশুখাদ্যসহ হাইজেক কৰা ট্ৰাকখন পিচত দুৰ্বৃত্তই আন পথেৰে নিব বুলি গোপন সূত্ৰৰ পৰা তথ্য লাভ কৰে আৰু ঠাইয়ে ঠাইয়ে আৰক্ষীৰ লোকক মোতায়েন কৰে ৷

একেদৰে ট্ৰাকখন উদ্ধাৰৰ বাবে লাগি পৰে বঙাইগাওঁ আৰক্ষী ৷ পিচত পশুখাদ্যসহ দুৰ্বৃত্তই হাইজেক কৰা ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ট্ৰাকখনৰ সৈতে এজন ব্যক্তিকো কৰায়ত্ত কৰে ৷

আৰক্ষীয়ে কৰায়ত্ত কৰা লোকজন ৰাচেন্দ্ৰ পাল ৷

ব্যক্তিজনৰ ঘৰ শ্বিলঙত যদিও অস্থায়ীভাৱে গুৱাহাটীত থাকে বুলি আৰক্ষীৰ আগত প্ৰকাশ কৰিছে৷ আৰক্ষীয়ে সোধ – পোছ অব্যাহত ৰখা বুলিও জানিবলৈ দিয়ে ৷ আনহাতে বঙাইগাঁও আৰক্ষীয়ে হাইজেক হোৱা ট্ৰাকখন উদ্ধাৰ কৰাৰ পিচত সকলো জিলাৰ আৰক্ষী থানাসমূহলৈ বাৰ্তা প্ৰেৰণ কৰে ৷

এই বাৰ্তা প্ৰেৰণৰ পিচত বঙাইগাঁও আৰক্ষীয়ে জানিব পাৰে যে ধুবুৰী জিলাৰ চাপৰ থানা তথা শালকোচা আৰক্ষী চকীৰ অন্তৰ্গত এক অঞ্চলত ট্ৰাকৰ চালক আৰু হেণ্ডিমেনজনক মাৰধৰ কৰি সংজ্ঞানহীন কৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত পেলাই থৈ গৈছিল ৷

এই ঘটনা সন্দৰ্ভত ইতিমধ্যে তাত এক গোচৰ পঞ্জীয়ন হৈছে ৷ সেই গোচৰ অনুসৰি বঙাইগাঁও আৰক্ষীয়ে উদ্ধাৰ কৰা পশুখাদ্যসহ ট্ৰাকখনৰ সম্পৰ্ক আছে ৷

শালকোচাত ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্বাৰ হোৱা চালক আৰু হেণ্ডিমেনজন এই ট্ৰাকখনৰ আছিল বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে এই ট্ৰাক হাইজেক কাণ্ডৰ সৈতে এটা দল জড়িত থকা বুলি সন্দেহ প্ৰকাশ কৰি দলটোক কৰায়ত্ত কৰিবলৈ সক্ষম হ’ব বুলি কয় ৷ ট্ৰাকখন হাইজেকাৰে ধুবুৰী জিলাৰ চাপৰৰ ওচৰৰ পৰা হাইজেক কৰি আন পথেৰে লৈ আহিছিল ৷

উল্লেখ্য যে আৰক্ষীয়ে উদ্ধাৰ কৰা নথিত ব্ৰইলাৰ মূৰ্গীৰ খাদ্যখিনি বিহাৰৰ হাজিপুৰ বৈশালীৰ হাইটেক নিউট্ৰেচন প্ৰাইভেট লিমিটেডৰ পৰা ত্ৰিপুৰা আগৰতলাৰ বনমালিপুৰৰ চৌধুৰী ফিড এণ্ড চিকচ এজেন্সি  লৈ বুলি অনা হৈছিল ৷

কিন্তু আদবাটতে দুৰ্বৃত্তই পশুখাদ্যসহ ট্ৰাকখন হাইজেক কৰে ৷ ট্ৰাকখনত ৫০০ বস্তা ব্ৰইলাৰ মূৰ্গীৰ খাদ্য আছিল আৰু ইয়াৰ মূল্য ১২,৭৮,৫০০ টকা বুলি উল্লেখ কৰা আছে ৷

আনহাতে সামগ্ৰীৰ কঢ়িয়াই নিয়াৰ বাবে ট্ৰাকৰ ভাড়া হিচাপে ১,৩২,৫০০ টকা উল্লেখ আছে যদিও ইয়াৰে ৮০,০০০ টকা ইতিমধ্যে দিছে ৷ বাকী আছে ৫২,৫০০ টকা ৷

বঙাইগাঁও আৰক্ষীয়ে হাইজেক হোৱা ট্ৰাকখনৰ সৈতে কৰায়ত্ত কৰা ব্যক্তিজনক বঙাইগাঁও থানাত জেৰা অব্যাহত ৰাখিছে ৷
লগতে ট্ৰাকৰ গৰাকীৰ সৈতে আৰক্ষীয়ে যোগাযোগ কৰিছে ৷