পাকঘৰৰ অতি পৰিচিত আৰু অত্যাৱশ্যকীয় পাচলি বিলাহী এতিয়া সাধাৰণ লোকৰ ক্ৰয় ক্ষমতাৰ বাহিৰত। মহঙা বজাৰত বিলাহীৰ দাম শুনি দূৰতে বিদূৰ হৈছে ক্ৰেতা। তাৰমাজতে বিলাহীকলৈ সৃষ্টি হৈছে অৰাজকতাৰ!
কৰ্ণাটকৰ কোলাৰৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ট্ৰাকখনে। গন্তব্যস্থান আছিল ৰাজস্থানৰ জয়পুৰ। ট্ৰাকখনত আছিল ২১ লাখ টকাৰ বিলাহী।
লগতে পঢ়ক: এক্সপ্ৰেছৱে নিৰ্মাণৰ ক্ৰেন ভাঙি সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা; ১৬ জন শ্ৰমিকৰ মৃত্যু
সেই ট্ৰাকখন এতিয়া সন্ধানহীন। বহু চেষ্টাৰ পিছতো ট্ৰাকখনৰ মালিকে চালকৰ সৈতে যোগাযোগ কৰিব পৰা নাই। ইতিমধ্যে কোলাৰ থানাত এই সন্দৰ্ভত এজাহাৰ দাখিল কৰা হৈছে।
যোৱা কেইদিনমানৰ পৰা মধ্যবিত্ত শ্ৰেণীৰ পাকঘৰত বিলাহীৰ উপস্থিতি প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবেও নামিব লগা হৈছে চৰকাৰ।
তাৰমাজতে ২১ লাখ টকাৰ বিলাহীসহ সন্ধানহীন হৈ পৰে ট্ৰাকখন। প্ৰাথমিক তদন্তৰ অন্তত আৰক্ষীয়ে ট্ৰাকখনৰ চালক আৰু তেওঁৰ সংগীয়ে গাড়ী আৰু বি লাহী দুয়োটা চুৰি কৰি লৈ যোৱা বুলি জানিবলৈ দিয়ে।
লগতে পঢ়ক:ৰাহুল গান্ধীৰ প্ৰতি কোনো নমনীয়তা নেদেখুৱাব; উচ্চতম ন্যায়ালয়ত আৰ্জি বিজেপি বিধায়কৰ
নিখোঁজ হোৱা ট্ৰাকখনৰ সন্ধান উলিয়াবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে বিলাহীৰ দাম বৃদ্ধিৰ মাজতে জুলাই মাহৰ আৰম্ভণিতে কৰ্ণাটকৰ হাছান জিলাৰ পৰা ২.৭ লাখ মূল্যৰ বিলাহী চুৰি হৈছিল।