চীনে মৃত্যুৰ সঠিক পৰিসংখ্যা দাঙি ধৰা নাই : জিন পিং প্ৰশাসনক উভতি ধৰিলে ট্ৰাম্পে

Trump-Xingping

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু চীনৰ ৰাষ্ট্ৰপতি জিন পিং।

সমগ্ৰ বিশ্বতে কৰ’না মহামাৰীৰ আতংক চলি থকাৰ মাজতে চীন আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছে শীতল যুঁজৰ। মৃত্যুৰ সংখ্যাৰ দিশৰ পৰা চীনকো চেৰ পেলাইছে আমেৰিকাই।

চীনৰ সৈতে আমেৰিকাৰ এনে তুলনাৰ প্ৰসংগত জাঙুৰ খাই উঠিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড়োনাল্ড ট্ৰাম্প।

বেইজিঙৰ ফালৰ পৰা প্ৰকাশ কৰা চৰকাৰী তথ্যৰ যথাৰ্থতাৰ সম্পৰ্কত প্ৰশ্ন তুলিছে ট্ৰাম্পে।

ট্ৰাম্পে কয়,’’আমেৰিকাৰ কৰ’না আক্ৰান্তৰ সংখ্যা হিচাপ কৰি কি হ’ব, চীনৰ তথ্য যে তাৰ কি প্ৰমান আছে?’’

চীন আৰু ইৰাণৰ লগতে য়ুৰোপীয় দেশ ইটালী, স্পেইন আদিৰ পাছত কৰ’নাৰ আটাইতকৈ বেছি সংক্ৰমণ ঘটিছে আমেৰিকাত।

দেশখনত দুই লাখতকৈয়ো অধিক লোক আক্ৰান্ত হৈছে। প্ৰায় পাঁচ হাজাৰ লোক ইয়াৰ ফলত মৃত্যু হৈছে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰখনে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে। এনে পৰিস্থিতিত দেশৰ একাংশ নাগৰিকে ট্ৰাম্পকেই দোষাৰোপ কৰিব বিচাৰে।

এনে সময়তে গোটেই বিশ্বতে কৰ’না মহামাৰী বিয়পোৱাৰ অভিযোগত চীনক দায়ী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

বেইজিঙৰ চৰকাৰী তথ্যৰ সত্যতাক লৈ পুনৰ এবাৰ প্ৰশ্ন উত্থাপন কৰিছে ট্ৰাম্পে।

ডোনাল্ড ট্ৰাম্পে অভিযোগ কৰে যে চীনে কৰ’নাত আক্ৰান্ত আৰু মৃতকৰ সংখ্যা দেখুৱাইছে তাত ভুল আছে। তেওঁলোকে প্ৰকৃত তথ্য লুকুৱাই সমগ্ৰ বিশ্বকে ফাকি দিছে।

সাংবাদিক সন্মিলনত ডোনাল্ড ট্ৰাম্পে কৈছে: ‘’নিজৰ দেসত কৰ’না ভাইৰাছৰ আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা কমকৈ দেখুওৱাৰ চেষ্টা কৰিছে চীনে। সংক্ৰমণ ৰোধ হোৱাৰ যি দাবী তেওঁলোকে কৰিছে সেয়াও সত্য নহয়।‘’