শেহতীয়াকৈ আামেৰিকাই ভাৰতীয় সামগ্ৰীৰ ওপৰত আৰু ২৫% শুল্ক আৰোপ কৰি ২৭ আগষ্টৰ পৰা ৫০% লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰে যদিও শুকুৰবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ নকৰিবও পাৰে বুলি মত প্ৰকাশ কৰিছে। তেওঁ দাবী কৰিছে যে ৰাছিয়াই “তেলৰ ক্ৰেতা হিচাপে ভাৰক হেৰুৱাইছে,” কিন্তু এই পৰ্যন্ত ভাৰতে মস্কোৰ পৰা আমদানি বন্ধ কৰা সন্দৰ্ভত কোনো আনুষ্ঠানিকভাৱে নিশ্চিত ক নাই।
ইয়াৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াৰ খাৰুৱা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত নিষেধাজ্ঞাৰ সতৰ্কবাণী দি কৈছিল যে এনে ব্যৱস্থা “বিধ্বংসী” হ’ব। ২০২২ চনৰ পিছত ৰাছিয়াৰ তেলৰ সৰ্ববৃহৎ ক্ৰেতা ভাৰতে এই শুল্ক পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰি ইয়াক “অন্যায় আৰু অযুক্তিকৰ” বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে অৰ্থনৈতিক চাপৰ সন্মুখীন হ’ব, আনহাতে ব্যাৱসায়ী সকলে সকীয়াই দিছে যে অধিক শুল্কই বস্ত্ৰ, চামৰা, আৰু সাগৰীয় সামগ্ৰীৰ দৰে মূল খণ্ডত আঘাত হানিব পাৰে। আমেৰিকাৰ দাবী সত্ত্বেও ভাৰতীয় বিষয়াসকলে কয় যে অৰ্থনৈতিক প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি ৰাছিয়াৰ পৰা ক্ৰয় অব্যাহত ৰাখিছে। বিশ্লেষকসকলে সকীয়াই দিছে যে ৰাছিয়াৰ আমদানি বন্ধ কৰিলে অহা বছৰ ভাৰতৰ তেলৰ মূল্য ১২ বিলিয়ন ডলাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। প্ৰতিবেদনসমূহেও ইংগিত বহন কৰইছে যে যদিহে ৰাছিয়াৰ পৰা তেল ক্ৰয় নকৰে তেন্তে শোধনাগাৰসমূহে ইৰাক, চৌদি আৰব আৰু ইউএইৰ পৰা তেল ক্ৰয় কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।