আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্তৰ পিছতে পাকিস্তানৰ সৈতে এক গুৰুত্বপূৰ্ণ বাণিজ্যিক চুক্তি স্বাক্ষৰ কৰাৰ কথা ঘোষণা কৰিছে। এই চুক্তিৰ অধীনত আমেৰিকা আৰু পাকিস্তানে একেলগে পাকিস্তানৰ তেলৰ মজুত বৃদ্ধিৰ বাবে কাম কৰিব বুলি সদৰী কৰিছে।
ট্ৰাম্পে সামাজিক মাধ্যমৰ জড়িয়তে প্ৰকাশ কৰিছে কয় যে “আমি পাকিস্তানৰ সৈতে এক চুক্তি স্বাক্ষৰ কৰিছো, যাৰ জৰিয়তে আমেৰিকা আৰু পাকিস্তানে তেওঁলোকৰ বিশাল তৈল ভান্দাৰ সমৃদ্ধিৰ বাবে যৌথভাৱে কাম কৰিব। আৰু কয় কোনে জানে, হয়তো এদিন পাকিস্তানে ভাৰতক তেল বিক্ৰী কৰিব।”
উল্লেখ্য যে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ আৰু ৰাছিয়াৰ পৰা সামৰিক সঁজুলি তথা শক্তি ক্ৰয়ৰ বাবে অতিৰিক্ত জৰিমনাৰ হুংকাৰ প্ৰদান কৰাৰ পিছতে ট্ৰাম্পে এই ঘোষণা কৰিছে। এই শুল্ক ১ আগষ্ট, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব বুলি সদৰী কৰিছে।
ট্ৰাম্পে তেওঁৰ পোষ্টত আৰু কয় যে হোৱাইট হাউচ বৰ্তমান বহু দেশৰ সৈতে বাণিজ্যিক চুক্তিৰ আলোচনাত ব্যস্ত। তেওঁ উল্লেখ কৰে, “আমি বহু দেশৰ নেতাৰ সৈতে কথা পাতি আছো, আৰু তেওঁলোকে আমেৰিকাক সুখী কৰিব বিচাৰে। তেঁও বহু দেশে আমেৰিকাক শুল্ক হ্ৰাসৰ প্ৰস্তাৱ দিয়াৰ ইংগিত প্ৰদান কৰিছে, যিয়ে আমেৰিকাৰ বাণিজ্যিক ঘাটি কমোৱাত সহায় কৰিব।
ৰাছিয়াৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্কৰ প্ৰেক্ষাপটত, ট্ৰাম্পৰ এই পদক্ষেপে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পৰ্কত উত্তেজনাৰ সৃষ্টি কৰিছে।
অৱশ্যে ভাৰতৰ বাণিজ্য মন্ত্ৰণালয়ে এই বিষয়ত কোনো তাৎক্ষণিক মন্তব্য প্ৰকাশ কৰা নাই। কিন্তু কূটনৈতিক সূত্ৰৰ মতে, ভাৰতে শুল্কৰ হাৰ ১৫-২০ শতাংশৰ ভিতৰত ৰাখিবলৈ আমেৰিকাৰ সৈতে আলোচনা কৰি আহিছে। আগষ্ট মাহত আমেৰিকাৰ প্ৰতিনিধি দলৰ ভাৰত ভ্ৰমণৰ সময়ত বাণিজ্যিক আলোচনাৰ অধিক অগ্ৰগতি আশা কৰা হৈছে।
ট্ৰাম্পৰ এই ঘোষণাই ভাৰত-পাকিস্তান-আমেৰিকাৰ সম্পৰ্কৰ গতিশীলতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিশ্লেষকসকলে আশংকা কৰিছে যে ট্ৰাম্পৰ এই পদক্ষেপে দক্ষিণ এছিয়াৰ ভূ-ৰাজনৈতিক পৰিস্থিতিকো প্ৰভাৱিত কৰিব পাৰে।