• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ট্ৰাম্পে মেল’নীক দিলে ১০০ শতাংশ বাণিজ্যিক চুক্তিৰ প্ৰতিশ্ৰুতি, ইউৰোপৰ প্ৰতি হৈছে নৰম…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2025 4:15 pm
ট্ৰাম্পে মেল’নীক দিলে ১০০ শতাংশ বাণিজ্যিক চুক্তিৰ প্ৰতিশ্ৰুতি, ইউৰোপৰ প্ৰতি হৈছে নৰম…
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেল’নীৰ সৈতে সাক্ষাৎ কৰাৰ পাছত ট্ৰাম্পৰ সুৰ কোমল হৈ পৰে। বিশ্বজুৰি শুল্ক যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউৰোপীয় সংঘৰ সৈতে ১০০ শতাংশ বাণিজ্যিক চুক্তি সম্ভৱ বুলি উল্লেখ কৰিছে। অৱশ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাৰ্তা হৈছে এই ক্ষেত্ৰত কোনো খৰখেদা কৰা উচিত নহয়। মন কৰিবলগীয়া যে, ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰি ৯০ দিনৰ মৰেটৰিয়াম জাৰি কৰাৰ পাছত ট্ৰাম্পে প্ৰথমবাৰৰ বাবে ইউৰোপীয় ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ কৰিছে।

যোৱা শুকুৰবাৰে হোৱাইট হাউছত ইটালীৰ প্ৰধানমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হয় ড’নাল্ড ট্ৰাম্প। তাত কঠোৰ শুল্ক নীতি থকাৰ পাছতো তেওঁ মেল’নীক কয়, “বাণিজ্যিক চুক্তি হ’ব, ১০০ শতাংশ। কিন্তু ই ন্যায্য হ’ব।”

ইউৰোপীয় সংঘৰ ২৭খন দেশৰ সৈতে হোৱা চুক্তিৰ আশ্বাস দি ট্ৰাম্পে কয় যে যদিহে কোনো চুক্তি হয় তেন্তে আমেৰিকাৰ ক্ষতি কৰা কোনো চুক্তি তেওঁ মানি নলয়। ৯০ দিনৰ মৰেটৰিয়াম উঠাই ল’বলৈ কোনো লৰালৰি কৰা হোৱা নাই বুলি উল্লেখ কৰি ট্ৰাম্পে লগতে কয় যে, ‘‘সকলোৱে আমেৰিকাৰ সৈতে চুক্তি কৰিব বিচাৰে। কিন্তু যদি কোনেও নিবিচাৰে তেন্তে আমি তেওঁলোকৰ সৈতে চুক্তি কৰিম।”

উল্লেখ্য যে, ইউৰোপীয় সংঘৰ বাণিজ্যৰ দৃষ্টিকোণৰ পৰাও মেল’নী আৰু ট্ৰাম্পৰ এই বৈঠক যথেষ্ট তাৎপৰ্যপূৰ্ণ। বৰ্তমান ইটালী বিশ্বৰ চতুৰ্থ বৃহত্তম ৰপ্তানিৰ দেশ। তেওঁলোকৰ মুঠ ৰপ্তানিৰ ১০ শতাংশ আমেৰিকালৈ যায়। আমেৰিকাৰ শুল্কৰ বোজাৰ মাজতে মেলানিয়াৰ বাবে ট্ৰাম্পৰ বৈঠক নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ আছিল। অৱশ্যে আমেৰিকাৰ শুল্কৰ ক্ষোভৰ মাজতে ইউৰোপীয় সংঘৰ আন কোনো নেতাই ট্ৰাম্পৰ সৈতে সাক্ষাৎ নকৰে। ফলত মেল’নীৰ সাক্ষাৎকাৰে তেওঁলোকৰ অস্বস্তি বঢ়াইছে। ইউৰোপীয় সংঘৰ বহু নেতাই মেল’নীৰ বৈঠকক ইউৰোপীয় সংঘৰ বাবে ক্ষতিকাৰক বুলি অভিহিত কৰিছে। অৱশ্যে ইটালীয়ে দাবী কৰিছে যে এই বৈঠকে আমেৰিকা আৰু ইউৰোপীয় সংঘৰ মাজত আলোচনাৰ পথ মুকলি কৰিব।

ট্ৰাম্পৰ সৈতে হোৱা বৈঠকৰ পিছত জৰ্জিয়া মেল’নীয়ে এক বিবৃতিত কয় যে, ‘আটলাণ্টিকৰ দুয়োপাৰৰ মাজত কিছু সমস্যা আছে যদিও আমি একেলগে বহি সমাধান বিচাৰি উলিওৱাৰ সময় আহি পৰিছে। তেওঁ কয় যে ট্ৰাম্পৰ লক্ষ্য হৈছে পাশ্চাত্যক পুনৰ মহান কৰি তোলা। আৰু তেওঁ (ট্ৰাম্প) বিশ্বাস কৰে যে আমি একেলগে সেই লক্ষ্যত উপনীত হ’ব পাৰো। মেল’নীয়ে ড’নাল্ড ট্ৰাম্পকো ৰোমলৈ আহিবলৈ আমন্ত্ৰণ জনায়।’

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়-বিশ্ববিদ্যালয় তর্ক প্রতিযোগিতাৰ আয়োজন

August 26, 2025 7:55 pm
কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

কাৰ্বি আংলঙৰ ১ লাখ ৫৩ হাজাৰ বিঘা মাটি বহিৰাগত বণিয়াক হস্তান্তৰ অসম চৰকাৰ : ৰাজীৱ ভৱনত কাৰ্বি জনগোষ্ঠীয় নেতাৰ সংবাদমেল

August 26, 2025 7:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

নিৰ্বাচন আয়োগে নহয়, বিজেপিয়েহে নিৰ্দ্ধাৰণ কৰে নিৰ্বাচনৰ তাৰিখ : আকৌ ডাঙৰ অভিযোগ ৰাহুল গান্ধীৰ

August 26, 2025 9:27 pm
ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

ডিগ্ৰী কলেজ আৰু চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত ডিমা হাছাওত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ

August 26, 2025 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd