ট্ৰাম্পৰ বিশেষ নৈশ আহাৰৰ অনুষ্ঠানত গুলীচালনা; ততাতয়াকৈ উলিয়াই নিয়া হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতিক
শনিবাৰে নিশা আমেৰিকাত সংঘটিত হয় এক চাঞ্চল্যকৰ কাণ্ড। হোয়াইট হাউছ সংবাদদাতাৰ নৈশ আহাৰ গ্ৰহণৰ সময়ত সংঘটিত হয় গুলীচালনাৰ ঘটনা। এই ঘটনাই আতংক বিয়পাই দিয়ে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ পত্নী মেলানিয়া ট্ৰাম্পক ক্ষন্তেকতে সেই স্থানৰ পৰা উলিয়াই অনা হয়।
খবৰ অনুসৰি শনিবাৰে নিশা ৱাশ্বিংটন হিল্টন হোটেলত হোৱাইট হাউছৰ সাংবাদিক আৰু অন্যান্য বিশিষ্ট অতিথিসকলৰ বাবে কৰাছপণ্ডেন্ট ডিনাৰ পাৰ্টিৰ আয়োজন কৰা হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সৈতে তেওঁৰ পত্নীও তাত উপস্থিত আছিল। লগতে উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্সো উপস্থিত আছিল।
আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিছৰ তৰফৰ পৰা জনাইছে যে বন্দুকৰ গুলীৰ শব্দ শুনাৰ লগে লগে ৰাষ্ট্ৰপতি ট্ৰাম্প, উপ-ৰাষ্ট্ৰপতি জে ডি ভেন্স, মেলানিয়া ট্ৰাম্প আৰু সমগ্ৰ কেবিনেটক নিৰাপদ স্থানলৈ উলিয়াই অনা হয়। কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই।
খবৰ অনুসৰি বলৰুমৰ ঠিক ওপৰৰ এটা কোঠাত গুলীচালনা সংঘটিত হয়। শব্দ শুনি ছিক্ৰেট চাৰ্ভিচৰ কৰ্মীসকলে লগে লগে ৰাষ্ট্ৰপতি ট্ৰাম্পক ঘেৰি ধৰি অনুষ্ঠানৰ পৰা নিৰাপদে নমাই আনে। ভিডিঅ’টোত দেখা গৈছে যে ট্ৰাম্পে ডাইনিং ষ্টেজত বহি থকা অৱস্থাত হঠাতে গুলীচালনা আৰম্ভ হয় আৰু লগে লগে নিৰাপত্তাৰক্ষীয়ে তেওঁক ঘেৰি ধৰে। বহুতে টেবুলৰ তলত লুকাই পৰে।
হোৱাইট হাউছৰ সূত্ৰ অনুসৰি ২৬০০ অতিথিৰ ভিতৰত বহুতেই নিজৰ জীৱন বচাবলৈ লুকাই পৰে। আতংকিত হৈ ওৱেটাৰসকলে ডাইনিং ৰুমৰ সন্মুখলৈ দৌৰি পলায়। সমগ্ৰ ঘটনাটোৱে চৰম বিশৃংখলাৰ সৃষ্টি কৰে।
গুলীচালনাৰ ঘটনাৰ পিছত ড’নাল্ড ট্ৰাম্পে ছ’চিয়েল মিডিয়া হেণ্ডেল ‘ট্ৰুথাউট’ত পোষ্ট কৰি লিখিছে, “আজি সন্ধিয়া ডিচিৰ পৰিস্থিতি অতি উত্তপ্ত আছিল। ছিক্ৰেট চাৰ্ভিচ আৰু নিৰাপত্তা সংস্থাই ডাঙৰ কাম কৰিলে। তেওঁলোকে অসাধাৰণ সাহস আৰু ক্ষিপ্ৰতা দেখুৱালে। আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। নৈশ আহাৰ অব্যাহত ৰাখিবলৈ মই পৰামৰ্শ দিছো। কিন্তু পৰৱৰ্তী সিদ্ধান্ত সম্পূৰ্ণৰূপে নিৰাপত্তা সংস্থাৰ ওপৰত ভিত্তি কৰি লোৱা হ’ব। সিদ্ধান্ত যিয়েই নহওক, আজিৰ সন্ধিয়াৰ এই ঘটনা একেবাৰে প্ৰত্যাশিত নহয়।”
এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে সমগ্ৰ হিল্টন হোটেল আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল ঘেৰাও কৰি হোটেলখন সম্পূৰ্ণৰূপে খালী কৰে। নিৰাপত্তাৰক্ষীয়ে সকলো চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি আছে। ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পক নিৰাপদে হোয়াইট হাউছলৈ লৈ যোৱা হৈছে।