‘’আমেৰিকাৰ বিমানত চীনৰ পতাকা লগাই ৰাছিয়াত বোমা পেলোৱা উচিত’’-ডোনাল্ড ট্ৰাম্প

1646645303_071040_1646650402_noticia_normal_recorte1

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প ৰাষ্ট্ৰপতি হৈ থকা সময়ত তেওঁৰ সম্পূৰ্ণ কাৰ্যকাল বিভিন্ন চৰ্চাৰ মাজত সোমাই পৰিছিল। কিন্তু ক্ষমতাৰ পৰা আঁতৰাৰ পিছত এতিয়াও চৰ্চাত আছে ট্ৰাম্প।

আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীয়ে ইউক্ৰেইনৰ প্ৰসংগত বিভিন্ন মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ দুটা অঞ্চলক স্বাধীন ঘোষণা কৰাৰ পিছত তেওঁক ট্ৰাম্পে চতুৰ আৰু বুধিয়ক (স্মাৰ্ট এণ্ড জিনিয়াছ) বুলি অভিহিত কৰিছিল।

লগতে পঢ়ক: ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: যুদ্ধত পতিত হ’ল আন এজন ৰাছিয়ান সেনা জেনেৰেল

ড়োনাল্ড ট্ৰাম্পে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ প্ৰসংগত জো বিডেনকো সমালোচনা কৰি আহিছে।  

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযান চলি থকাৰ মাজতে এইবাৰ ট্ৰাম্পে কৈছে,’’আমেৰিকাৰ বিমানত চীনৰ পতাকা লগাই ৰাছিয়াত বোমা পেলোৱা উচিত। ৰাছিয়াই ভাবিব চীনে তেওঁলোকৰ ওপৰত আক্ৰমণ চলাইছে। ইয়াত ৰাছিয়া আৰু চীনৰ মাজত সংঘাত বৃদ্ধি পাব। আমি বহি বহি চাই থাকিম।‘’

দ্য ৱাশ্বিংটন প’ষ্ট, চিএনএনকে ধৰি আন্তৰ্জাতিক সংবাদ মাধ্যমত প্ৰকাশিত এই বাতৰিৰ পিছতে ট্ৰাম্পৰ বিতৰ্কিত মন্তব্যই এপিনে কৌতুকৰ সৃষ্টি কৰিছে যদিও আনপিনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দৰে এখন দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এগৰাকীয়ে এনে মন্তব্য কৰাত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

বাতৰি অনুসৰি, নিউ অ’ৰলিন্সত ৰিপাব্লিকান দাতাসকলক উদ্দেশ্যি ভাষণ দিয়াৰ সময়ত ট্ৰাম্পে এইবোৰ মন্তব্য আগবঢ়াইছিল। ট্ৰাম্পৰ কথা শুনি অৱশ্যে উপস্থিত সকলোৱে হাঁহি দিছিল। কিন্তু ট্ৰাম্পে সঁচাকৈয়ে এইবোৰ কথা কৌতুক কৰিয়েই কৈছিলনে?

লগতে পঢ়ক:ৰাছিয়া-ইউক্ৰেইন যুদ্ধ : ইউক্ৰেইনৰ অৰ্ধসামৰিক বাহিনীত যোগ দিলে ভাৰতীয় ছাত্ৰই

বহুতেই ট্ৰাম্পৰ এনে মন্তব্যক কৌতুক হিচাপে মানি ল’ব খোজা নাই। কিয়নো ক্ষমতাত থকাৰ সময়ত তেওঁ ডেনমাৰ্কৰ বিশাল ভূখণ্ড গ্ৰীনলেণ্ড ক্ৰয় কৰিব বিচাৰিছিল। কিন্তু ডেনমাৰ্ক সন্মত নোহোৱাৰ বাবে দেশখনলৈ তেওঁৰ নিৰ্দ্ধাৰিত ভ্ৰমণো বাতিল  কৰিছিল ডোনাল্ড ট্ৰাম্পে।