• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2025 8:48 am
86
VIEWS
Share on FacebookShare on Twitter

অৱশেষত ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫% শুল্ক আৰোপ কৰিলে আমেৰিকাই। ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ ঘোষণা কৰিছে। এই শুল্ক ১ আগষ্ট, ২০২৫ৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ উপৰিও ট্ৰাম্পে ভাৰতৰ বিৰুদ্ধে ‘জৰিমনা’ৰ কথাও উল্লেখ কৰিছে, যদিও জৰিমনাৰ পৰিমাণৰ বিষয়ে স্পষ্ট তথ্য প্ৰকাশ কৰা নাই।

বুধবাৰে ট্ৰাম্পে সংবাদ মাধ্যমৰ জড়িয়তে এই ঘোষণা কৰে। তেওঁ ভাৰতক ‘বন্ধুত্বপূৰ্ণ দেশ’ বুলি অভিহিত কৰিলেও, ৰাছিয়াৰ পৰা ভাৰতৰ তেল আৰু অস্ত্ৰ ক্ৰয়ৰ বাণিজ্যিক সম্পৰ্কৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিছে আমেৰিকাই। ট্ৰাম্পে দাবী কৰিছে যে, ভাৰতে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অত্যধিক শুল্ক আৰোপ কৰে, আৰু তেওঁলোকৰ বাণিজ্যিক নীতিয়ে আমেৰিকাৰ স্বাৰ্থত আঘাত হানিছে।

ট্ৰাম্পে তেওঁৰ পোষ্টত লিখিছে, “ভাৰত আমাৰ বন্ধু হ’লেও, তেওঁলোকে আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতি উচ্চ শুল্ক আৰোপ কৰে, যিটো বিশ্বৰ অন্যতম উচ্চ শুল্ক। তেওঁলোকৰ সৈতে ব্যৱসায় কৰাত বহু বাধা আছে। ইয়াৰ উপৰিও ভাৰতে তেওঁলোকৰ সামৰিক সঁজুলি আৰু ইন্ধনৰ বৃহৎ অংশ ৰাছিয়াৰ পৰা ক্ৰয় কৰে। এনে পৰিস্থিতিত, যি সময়ত বিশ্বই ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ বন্ধ কৰাৰ দাবী জনাইছে, তেনে সময়ত ভাৰতৰ এই কাৰ্যকলাপ গ্ৰহণযোগ্য নহয় বুলি মত প্ৰকাশ কৰিছে।

উল্লেখ্য যে দুসপ্তাহৰ পূৰ্বে ট্ৰাম্পে ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক থকা দেশসমূহক সকীয়াই দিছিল যে তেওঁলোকে ৰাছিয়াৰ সৈতে ব্যৱসায় বন্ধ নকৰিলে কঠোৰ শুল্ক আাৰোপ কৰা হ’ব। তেওঁ ৰাছিয়াক ইউক্ৰেইনৰ সৈতে যুদ্ধ বন্ধ কৰিবলৈ ৫০ দিনৰ সময় দিছিল, আৰু স্পষ্ট কৰিছিল যে এই সময়ৰ ভিতৰত ৰাছিয়াই আক্ৰমণ বন্ধ নকৰিলে তেওঁ ৰাছিয়াৰ বাণিজ্যিক অংশীদাৰসকলৰ ওপৰত ১০০ শতাংশ শুল্ক আৰোপ কৰিব। পিছত তেওঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ১০-১২ দিনৰ সময়সীমা দিয়ে।

মঙলবাৰে স্কটলেণ্ডৰ পৰা ৱাশ্বিংটনলৈ উভতি অহাৰ সময়ত ট্ৰাম্পে ইংগিত দিছিল যে ভাৰতৰ ওপৰত ২০-২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব পাৰে। তাৰ ২৪ ঘণ্টাৰ ভিতৰতে তেওঁ  আনুষ্ঠানিকভাৱে ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰে।

কূটনৈতিক সূত্ৰৰ মতে, ভাৰতে এই শুল্কৰ হাৰ ১৫-২০ শতাংশৰ ভিতৰত ৰাখিবলৈ আমেৰিকাৰ সৈতে আলোচনা চলাইছিল। ‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ আৰু ‘ব্লুমবাৰ্গ’ এ প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি, ভাৰতে ইণ্ডোনেছিয়া আৰু ফিলিপাইনৰ সৈতে আমেৰিকাৰ চুক্তিৰ প্ৰেক্ষাপটত কম শুল্কৰ বাবে জোৰ দিছিল, য’ত এই দেশসমূহৰ সামগ্ৰীৰ ওপৰত ১৯ শতাংশ শুল্ক আৰোপ কৰা হৈছে।

ইয়াৰ উপৰিও, ট্ৰাম্প প্ৰশাসনে ব্ৰিটেইনৰ বাবে ১০ শতাংশ, ইউৰোপীয় সংঘ আৰু জাপানৰ বাবে ১৫ শতাংশ শুল্ক নিৰ্ধাৰণ কৰিছে। ভাৰতে শুল্কৰ পৰিমাণ কমাবলৈ চেষ্টা চলাইছিল যদিও ২৫ শতাংশ শুল্ক আৰোপ কৰাৰ সিদ্ধান্ত চূড়ান্ত হৈছে।

 আমেৰিকাৰ এই বৰ্ধিত শুল্কৰ ফলত ভাৰতৰ আমদানিৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। বিশেষকৈ কৃষিজাত সামগ্ৰী, টেক্সটাইল, আৰু প্ৰযুক্তিগত সামগ্ৰীৰ ওপৰত এই শুল্কৰ প্ৰভাৱ স্পষ্ট হ’ব।

Recent News

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ঘৰত প্ৰৱেশ কৰি জীৱন্তে জ্বলাই দিয়া হ’ল দুই নাবালকক; পাটনাত নাৰকীয় ঘটনা

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ৰোহিংগীয়াসকল শৰণাৰ্থী নে অনুপ্ৰৱেশকাৰী? উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ প্ৰশ্ন

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

ন্যূনতম ধনৰাশি একাউণ্টত নৰখাৰ বাবে পাঁচ বছৰত প্ৰায় ৯ হাজাৰ কোটি টকাৰ জৰিমনা সংগ্ৰহ ৰাজহুৱা খণ্ডৰ বেংকৰ!

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

পুনৰ যাত্ৰা বিভ্ৰাট! ৰাণৱেৰ পৰাই ঘূৰাই অনা হ’ল লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd