• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

প্ৰযোজ্য  হ’ল ট্ৰাম্পৰ নতুন শুল্ক! কেনে প্ৰভাৱ পৰিব ভাৰতৰ ৰপ্তানি বাণিজ্যত; চিন্তিত ব্যৱসায়ীসকল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 27, 2025 10:50 am
36
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ পৰা  কাৰ্যকৰী  হ’ল  ভাৰতৰ ওপৰত আমেৰিকাৰ বৰ্ধিত ৫০% শুল্ক। ৰছিয়াৰ পৰা তেল ক্ৰয় অব্যাহত ৰখাৰ বাবে ট্ৰম্প প্ৰশাসনে আগষ্ট মাহৰ আৰম্ভণিতে ট্ৰাম্পে ভাৰতৰ ওপৰত দুটা পৰ্যায়ত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। তেতিয়াৰ পৰাই দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাবলৈ ধৰিছে। আলোচনাৰ পথ মুকলি আছিল যদিও ইতিবাচক হৈ নুঠিল। ফলস্বৰূপে আমেৰিকাই নিজৰ সিদ্ধান্তত অতল থাকি আমেৰিকালৈ ৰপ্তানি কৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আজি ২৭ আগষ্টৰ পৰা কাৰ্যকাৰী কৰিছে। ফলত আমেৰিকালৈ ভাৰতীয় ৰপ্তানিকাৰকসকলে সমস্যাৰ সন্মুখীন হৈছে।

অৱশ্যে বৰ্তমান আমেৰিকাৰ শুল্কৰ পৰা কোনো ৰেহাই নাথাকিব সেয়া সহজে  অনুমেয়। ট্ৰাম্পৰ শুল্কত ভাৰতীয় ব্যৱসায়ীসকল কিমান ক্ষতিগ্ৰস্ত হ’ব সেই সন্দৰ্ভত আলোচনা চলি আছে বুলি দাবী কৰিছে নাম প্ৰকাশ কৰিবলৈ অনিচ্ছুক বাণিজ্য মন্ত্ৰালয়ৰ এজন জ্যেষ্ঠ বিষয়াই। সংবাদ সংস্থা ৰয়টাৰে বিষয়াগৰাকীৰ উদ্ধৃতি দি কয় যে এই শুল্কৰ দ্বাৰা প্ৰভাৱিত ৰপ্তানিকাৰকসকলে আৰ্থিক সাহায্য লাভ কৰিব। কেৱল সেয়াই নহয়, চৰকাৰে তেওঁলোকক বিকল্প পথ বিচাৰি উলিয়াবলৈও উৎসাহিত কৰিব। এই তালিকাত চীন, দক্ষিণ আমেৰিকা বা পশ্চিম এছিয়াৰ দেশসমূহ অন্তৰ্ভুক্ত হ’ব পাৰে বুলি উল্লেখ কৰিছে।

ট্ৰাম্পৰ শুল্ক নিতীয়ে ভাৰতীয় শ্বেয়াৰ বজাৰত আঘাত হানিছে। চেন্সেক্স আৰু নিফটিৰ মূল্য ১ শতাংশকৈ হ্ৰাস পাইছে, যিটো যোৱা তিনিমাহৰ ভিতৰত দৈনিক সৰ্বাধিক হ্ৰাস। ভাৰত আৰু আমেৰিকাৰ মাজত বাৰে বাৰে চলি থকা আলোচনাৰ বাবে বহুতে ৰাজনৈতিক ব্যৰ্থতাক দোষাৰোপ কৰিছে। ইয়াৰ উপৰিও এই অচলাৱস্থাই ভাৰত আৰু আমেৰিকাৰ সামগ্ৰিক কৌশলগত সম্পৰ্কক লৈও প্ৰশ্ন উত্থাপন কৰিছে। তথাপি ভাৰত আৰু আমেৰিকাই চীনক লৈ উদ্বেগক লৈ আলোচনা অব্যাহত ৰখা বুলি মত প্ৰকাশ কৰিছে। মঙলবাৰে দুয়োখন দেশৰ বৈদেশিক মন্ত্ৰালয়ে প্ৰায় একে ভাষাতে কয় যে দ্বিপাক্ষিক সম্পৰ্কৰ সম্প্ৰসাৰণ অব্যাহত থাকিব। মন কৰিবলগীয়া যে সোমবাৰে ভাৰতৰ বৈদেশিক আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ বিষয়াসকলে আমেৰিকাৰ বিদেশ মন্ত্ৰালয় আৰু প্ৰতিৰক্ষা বিভাগৰ বিষয়াসকলৰ সৈতে ভাৰ্চুৱেল বৈঠকত মিলিত হয়। সেই বৈঠকত কি আলোচনা হৈছিল সেই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰা হৈছিল। সোমবাৰৰ বৈঠকত কেৱল বাণিজ্য চুক্তিয়েই নহয়, শক্তি সুৰক্ষা, গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ অন্বেষণ, ভাৰত আৰু আমেৰিকাৰ মাজত ড্ৰাগছ আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে দ্বিপাক্ষিক সহযোগিতাৰ বিষয়েও আলোচনা কৰা হয়।

কিন্তু ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা নাই। অৱশ্যে বিশেষজ্ঞসকলৰ মতে নতুন দিল্লীয়ে যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি যাব সেয়া স্পষ্ট। এই বিষয়ে আমেৰিকাও সচেতন। এই সন্দৰ্ভত যোৱা সপ্তাহত প্ৰশাসনৰ কোষাগাৰ সচিব স্কট বেছাণ্টে দাবী কৰিছিল, “ভাৰত সদায় লাভৰ সন্ধানত থাকে। তেওঁলোকে ৰাছিয়াৰ পৰা তেল কিনি পুনৰ বিক্ৰী কৰি আছে। মই ৰাছিয়াৰ পৰা তেল সস্তাতে কিনি পুনৰ বিক্ৰী কৰাটো ভাৰতৰ স্বেচ্ছাচাৰী বুলি ক’ম। এইটো কেতিয়াও গ্ৰহণযোগ্য নহয়।” যদিও ভাৰত চৰকাৰে এই আমেৰিকাৰ অভিযোগৰ ওপৰত এতিয়াও কোনো মন্তব্য কৰা নাই। আমেৰিকাৰ অভিযোগটো হ’ল যে ৰাছিয়াই তেল বিক্ৰীৰ ধন ইউক্ৰেইনৰ বাবে ব্যৱহাৰ কৰিছে অৰ্থাৎ ইউক্ৰেইন যুদ্ধত ভাৰতে পৰোক্ষভাৱে ৰাছিয়াৰ কাষত থিয় দিছে সেইবাবেই ভাৰতৰ ওপৰত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰা হৈছে।

বুধবাৰৰ পৰা কাৰ্যকৰী হোৱা নতুন শুল্ক হাৰৰ ফলত ভাৰতীয় ব্যৱসায়ত প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। ৰপ্তানিকাৰকৰ গোটসমূহে অনুমান কৰিছে যে আমেৰিকালৈ ৮৭ বিলিয়ন ডলাৰৰ ৰপ্তানিৰ প্ৰায় ৫৫ শতাংশতে ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

ইতিমধ্যে ভাৰত চৰকাৰে আমেৰিকাৰ শুল্ক নীতিক প্ৰতিহত কৰাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিছে। বাণিজ্য মন্ত্ৰালয়ৰ এজন বিষয়াৰ উদ্ধৃতিৰে ৰয়টাৰে কয় যে ভাৰতে প্ৰায় ৫০ খন দেশ চিনাক্ত কৰিছে য’ত ভাৰতে ৰপ্তানি বৃদ্ধি কৰিব পাৰে। বিশেষকৈ বস্ত্ৰ, প্ৰচেছড খাদ্য, চামৰা, আৰু সাগৰীয় খাদ্যৰ ৰপ্তানি বজাৰ আমেৰিকাৰ পৰা আঁতৰাই নিয়াৰ কথা চিন্তা কৰিছে।

ব্যক্তিগত খণ্ডৰ বিশ্লেষকসকলে সকীয়াই দিছে যে যদিহে ট্ৰাম্পৰ ৫০ শতাংশ শুল্ক অব্যাহত থাকে তেন্তে ইয়াৰ প্ৰভাৱ ভাৰতৰ অৰ্থনীতি আৰু কৰ্পৰেট লাভত পৰিব পাৰে। ইয়াৰ ফলত এছিয়াত আয়ৰ সংকটৰ সম্ভাৱনা নুই কৰা নাই বিশেষজ্ঞসকলে। যোৱা সপ্তাহত কেপিটেল ইকনমিক্সে কয় যে আমেৰিকাৰ শুল্কই ভাৰতৰ অৰ্থনৈতিক বিকাশ ০.৮ শতাংশ হ্ৰাস কৰিব পাৰে। ড’নাল্ড ট্ৰাম্পে দ্বিতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৱাশ্বিংটনৰ সৈতে সম্ভাৱ্য বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা আৰম্ভ কৰা প্ৰথম দেশসমূহৰ ভিতৰত অন্যতম আছিল ভাৰত। কিন্তু সম্প্ৰতি এই চুক্তিৰ ভৱিষ্যত অনিশ্চয়তা আহিপৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

ভিত্তিহীনঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ প্ৰতিক্ৰিয়া

September 18, 2025 2:18 pm
তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

তিনি বছৰৰ মূৰত শ্ৰীলংকাৰ প্ৰতি দয়াবান চীন! আন্তঃগাঁথনি উন্নয়নৰ বাবে বেইজিঙে দিলে ৪ হাজাৰ কোটি টকাৰ ঋণ

September 18, 2025 1:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

চাউল-দালি বা ফল-মূল নহয়, ৩৩ বছৰে পোৰা মোবিল খাই জীয়াই আছে কৰ্ণাটকৰ এইজন ব্যক্তি

September 18, 2025 3:29 pm
এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

এটাৰ পিছত আনটো ধৰ্ষণৰ ঘটনা, ভাঙি পৰিছে আইন-শৃংখলা! ওড়িশা চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব কংগ্ৰেছে

September 18, 2025 3:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd