NORTHEAST NOW (Assamese)

প্ৰতিটো নিশাৰ বাবদ ৮ লাখ টকা ব্যয়ৰে এইখন বিলাসী হোটেলত কটাইছে ডোনাল্ড ট্ৰাম্পে

February 25, 2020 4:41 pm · এন ই নাও নিউজ
চানক্য ছুইটৰ অন্তৰ্ভাগৰ একাংশ।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প আৰু ফাৰ্ষ্ট লেডী মেলানিয়া ট্ৰাম্পে ভাৰত ভ্ৰমণলৈ আহি ৰাজধানীত গ্ৰেণ্ড প্ৰেছিডেন্সিয়েল ছুইটত নিশা কটাইছে। ৰাষ্ট্ৰপতিগৰাকীয়ে থাকিবলগীয়া হোটেলখনৰ প্ৰতিটো নিশাৰ বাবদ ব্যয় হ’ব ৮লাখ টকা।

সেইদৰে ইভাংকা ট্ৰাম্প আৰু তেওঁৰ পতি জাৰেদ কুশনাৰেও নতুন দিল্লীৰ চৰ্দাৰ পেটেল মাৰ্গত থকা সেই একেখন হোটেলতে আছে।

ডোনাল্ড ট্ৰাম্প আৰু মেলানিয়া ট্ৰাম্পক ভাৰতত আদৰমি জনোৱাৰ বাবে ভাৰত চৰকাৰে প্ৰস্তুতিত কোনো সুৰুঙা ৰখা নাই।

আমেৰাকিৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নীয়ে আগ্ৰা ভ্ৰমণ কৰি অহাৰ পাছত আই টি চি মৌৰ্য হোটেলত প্ৰৱেশ কৰে।

বিশ্বাৰ আটাইতকৈ ক্ষমতাশালী ব্যক্তি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ আগমণৰ পূৰ্বেই আই টি চি মৌৰ্যক এক দুৰ্গৰ দৰে গঢ়ি তোলা হয়।

ফাৰ্ষ্ট লেডী মেলানিয়াৰ সৈতে ৰাষ্ট্ৰীয় ৰাজধানীৰ চৰ্দাৰ পেটেল মাৰ্গত থকা অতি বিলাসী আই টি চি মৌৰ্যৰ গ্ৰেণ্ড প্ৰেছিডেন্সিয়েল ছুইট বা চানক্য ছুইটত থকা ট্ৰাম্প হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চতুৰ্থগৰাকী ৰাষ্ট্ৰপতি।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি বিল ক্লিন্টন, জৰ্জ ডব্লিউ বুশ্ব, আৰু বাৰাক ওবামাই ইয়াত আছিল। এই বিলাসী হোটেলখনৰ ১৪ নম্বৰ মহলাত আছে চানক্য ছুইটটো।

এই ছুইটটোকে গ্ৰেণ্ড প্ৰেছিডেন্সিয়েল ছুইট হিচাপে গঢ়ি তোলা হয় যিটো ভাৰতীয় বিশ্বমানৰ আৰ্হিক প্ৰতিনিধিত্ব কৰিছে আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ বাবে সজাই পৰাই তোলা হৈছে।

বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ মানৰ অনুসৰণ কৰা ইণ্ডোৰ এয়াৰ কোৱালিটি সম্পন্ন ভাৰতৰ একমাত্ৰ হোটেল হৈছে আই টি চি মৌৰ্য।

পূৰ্বতে বিল ক্লিন্টন আৰু ওবামাই বুখাৰাত জুতি লোৱা তন্দুৰী ডিলাইটৰ অভিজ্ঞতা ল’ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। ইয়াৰ চেফে ট্ৰাম্পৰ বাবে দাল বুখাৰাৰ সৈতে এখন বিশেষ থালৰ প্ৰস্তুত কৰিছে।

গ্ৰেণ্ড প্ৰেছিডেন্সিয়েল ছুইটতো সকলো সা-সুবিধাৰে এটা বিশাল বিলাসী এপাৰ্টমেন্ট। ইয়াৰ অন্তৰ্ভাগ কলাত্মকভাৱে সজ্জিত কৰা হৈছে। ছুইটটোত এটা অভ্যৰ্থনা কক্ষ, এটা অধ্যয়ন কক্ষ এটা ময়ুৰপংখী আৰ্হিৰে ১২ আসনযুক্ত এটা ব্যক্তিগত ভোজন কক্ষ আৰু এটা বিশাল বাথৰুমৰ লগতে সৰীৰ তথা সৌন্দৰ্য চৰ্চাৰ এটা কক্ষও আছে।

ট্ৰাম্পৰ খোৱা-বোৱা, থকাৰ লগতে ইয়াত থকা সময়ত সকলো দিশৰে তদাৰক কৰিবলৈ বিশেষজ্ঞ ব্যক্তিৰ সমাহাৰ ঘটিছে হোটেলখনত।

Related News