আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে, যি আজি বুধবাৰৰ পৰা কাৰ্যকৰী হ’ব। এই শুল্ক বৃদ্ধিয়ে বিশ্ব বাণিজ্য ক্ষেত্ৰত যুদ্ধৰ ৰূপ লৈছে। ইয়াৰ দ্বাৰা প্ৰভাবিত হৈছে ভাৰতীয় শ্বেয়াৰ বজাৰো। ট্ৰাম্পৰ নতুন শুল্কৰ ফলত ভাৰতীয় বজাৰত হ’ব পৰা ক্ষতিৰ ওপৰত আলোচনা বাবে আজি নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হৈছে।
অন্য দেশৰ দৰে ভাৰতৰ শ্বেয়াৰ বজাৰো ট্ৰাম্পৰ শুল্ক যুদ্ধৰ দ্বাৰা প্ৰভাৱিত হৈছে। সোমবাৰে চেন্সেক্স ২.৯৫ শতাংশ হ্ৰাস পাই প্ৰায় ৪,০০০ পইণ্ট তললৈ নামিছিল। কিন্তু মঙলবাৰৰ পৰা বম্বে ষ্টক এক্সচেঞ্জত ব্যৱসায় পুনৰ আৰম্ভ হৈ চেন্সেক্সে ১,০০০ পইণ্ট বৃদ্ধি পাইছিল। নিফটিও ২২.৫ অতিক্ৰম কৰি পুৰণি স্তৰলৈ ঘূৰি আহিছিল। তথাপি, এদিনৰ ভিতৰতে শ্বেয়াৰ বজাৰ সূচকাংক পুনৰ হ্ৰাস পাইছে—চেন্সেক্স প্ৰায় ৫০০ আৰু নিফটি ২০০ পইণ্ট তললৈ নামিছে।
বজাৰৰ এই ওঠা-নমাৰ মাজতে আজি মোডীৰ মন্ত্ৰীসভাৰ বৈঠকত ট্ৰাম্পৰ শুল্কৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱৰ বিষয়ে আলোচনাৰ লগতে সমাধানৰ উপায় বিচাৰা হ’ব। দিল্লীৰ বাবে স্বস্তিৰ কথা যে তাম, তীখা, এলুমিনিয়াম, সোণ-ৰূপৰ ঔষধ আৰু ঔষধৰ কেঁচামালৰ দৰে বহু সামগ্ৰী ২৬ শতাংশ শুল্কৰ বাহিৰত ৰখা হৈছে। বাকী সকলো সামগ্ৰীৰ ওপৰত আজিৰ পৰা এই শুল্ক প্ৰযোজ্য হৈছে।
প্ৰকাশিত তথ্য অনুসৰি ট্ৰাম্পে কৈছে যে যিবিলাক দেশে অপাৰস্পৰিক বাণিজ্য ব্যৱস্থা ঠিক কৰিবলৈ পদক্ষেপ ল’ব, তেওঁলোকক শুল্ক যুদ্ধত ৰেহাই দিয়া হ’ব। এই দফাৰ সুবিধা লৈ ভাৰতে আপোচ বিচাৰিবলৈ চেষ্টা কৰিছে।
চৰকাৰী বিষয়াসকলে কয় যে ভাৰতৰ শুল্ক এছিয়াৰ আন দেশতকৈ কম। আমেৰিকাই ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছে, কিন্তু চীনৰ বাবে ৩৪%, ভিয়েটনামৰ বাবে ৪৬% আৰু ইণ্ডোনেছিয়াৰ বাবে ৩২%। চীনে প্ৰতিশোধত আমেৰিকাৰ সামগ্ৰীত ৩৪ শতাংশ শুল্ক লগাইছে। কিন্তু ভাৰতে এতিয়ালৈকে তেনে সিদ্ধান্ত লোৱা নাই।
আজিৰ আলোচনাৰ শেষত মোদী চৰকাৰে আমেৰিকাৰ সামগ্ৰীত অতিৰিক্ত শুল্ক আৰোপ কৰিব নে হোয়াইট হাউছৰ সৈতে আপোচৰ পথ ল’ব সেই লৈ সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে।