গুৱাহাটী ষ্টেশ্যনত নিচাজাতীয় দ্ৰব্যসহ আৰক্ষীৰ জালত পৰিল এগৰাকী সৰবৰাহকাৰী

IMG20180905110433

ক্ৰমশ: নিচাজাতীয় দ্ৰব্য সৰবৰাহৰ ঘাটিত পৰিণত হৈছে গুৱাহাটী ষ্টেশ্যন। ঠিক সেইদৰে মঙলবাৰে নিশা গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত জি আৰ পি আৰু আৰ পি এফ বাহিনীৰ দলে এক অভিযান চলাই পল্টন বজাৰ ষ্টেশ্যনৰ পৰা প্ৰায় ৭ গ্ৰাম নিচাজাতীয় দ্ৰব্য হিৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

জি আৰ পি আৰু আৰ পি এফৰ যুটীয়া অভিযানকাৰী দলটোৱে জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ লগতে ঘটনাৰ লগত জড়িত মমিৰান বেগম (২১) নামৰ এগৰাকী মহিলাক ষ্টেশ্যনৰ পশ্চিম দিশৰ পৰা আটক কৰে।

অভিযানটোৰ নেতৃত্ব দিয়া জি আৰ পিৰ এজন বিষয়াই ঘটনা সন্দৰ্ভত আটক কৰা মহিলাগৰাকীৰ ঘৰ গোৱালপাৰা জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতি নগৰৰ বুলি জনায়।

জব্দকৃত নিচাজাতীয় সামগ্ৰীখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ১ লাখ হ’ব বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে। তদুপৰি মহিলাগৰাকীৰ পৰা নগদ ১১ হেজাৰ টকাও জব্দ কৰে অভিযানকাৰী দলটোৱে।

আনহাতে নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ অভিযোগত আটক হোৱা মহিলাগৰাকীৰ বিৰুদ্ধে এনডিপিএছৰ ধাৰা ২২ (বি)ৰ অধীনত ২৪২/২০১৮ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। আটকাধীন মহিলাগৰাকীক আজি কামৰূপ মহানগৰৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰোৱা হ’ব বুলিও জানিব পৰা গৈছে।