NORTHEAST NOW (Assamese)

তু্ৰ্কীত ৭.০ প্ৰাবল্যৰ ভূমিকম্প; চাৰিগৰাকী লোকৰ মৃত্যু, ১২০ গৰাকী লোকতকৈ অধিক আঘাতপ্ৰাপ্ত

October 31, 2020 6:41 am · এন ই নাও নিউজ

তুৰ্কীত শুকুৰবাৰে অহা ভূমিকম্পত অতিকমেও চাৰিগৰাকী লোকে প্ৰাণ হেৰুওৱাৰ লগতে ১২০ গৰাকীতকৈ অধিক লোক আঘাতপ্ৰাপ্ত হ’বলগীয়া হয়।

তুৰ্কীৰ ইজমিৰ প্ৰদেশৰ লগতে অন্যান্য কিছু প্ৰান্তত ভূমিকম্পৰ জোকাৰণিৰ ফলত ঘৰ আৰু সা-সম্পত্তি ক্ষতিগ্ৰস্ত হয়।

ৰিখটাৰ স্কেলত ৭.০ প্ৰাবল্যৰ ভূমিকম্পটোৱে তুৰ্কীৰ জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰে।

তুৰ্কীৰ আভ্যন্তৰীণ মন্ত্ৰী চুলেইমান চোইলুৱে জনোৱা মতে, ভূমিকম্পৰ ফলত দেশখনৰ দুখন জিলাৰ সাগৰীয় চহৰ ক্ষতিগ্ৰস্ত হৈছে।

বৰ্তমানলৈ অধিক লোকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱাৰ বাতৰি প্ৰকাশ পোৱা নাই যদিও দেখখনৰ অন্যান্য সাতখন চহৰতো ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি দেশখনৰ চৰকাৰে প্ৰকাশ কৰিছে।

তুৰ্কীৰ লগতে শুকুৰবাৰে গ্ৰীচতো ভূমিকম্পৰ জোকাৰণি অনুভৱ হয়। অৱশ্যে গ্ৰীচত এই ভূমিকম্পৰ ফলত কোনোধৰণৰ বিস্তৰ ক্ষতিসাধন হোৱা নায়।

তুৰ্কীৰ চৰকাৰে উদ্ধাৰ অভিযানত দেশৰ সেনাবাহিনীক নিয়োগ কৰিছে আৰু বৰ্তমানো পূৰ্ণ গতিত এই উদ্ধাৰ অভিযান চলি আছে বুলি জানিব পৰা গৈছে।

Related News