‘আনখন গাল আগবঢ়াই দিবলৈ সাহস লাগে’; কঙ্গনাক প্ৰত্যুত্তৰ মহাত্মা গান্ধীৰ নাতিৰ

Tushar gandhi to Kangana Ranaut

বিতৰ্কিত মন্তব্যৰে দেশৰ স্বাধীনতা সেনানী সকলক অপমান কৰি সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা কঙ্গনা ৰানাৱটক প্ৰত্যুত্তৰ দিছে মহাত্মা গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে।

“গান্ধী বিদ্বেষীসকলে ভবাতকৈ আন এখন গাল আগবঢ়াই দিবলৈ কঠিন।” গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে অহিংসা নীতিসন্দৰ্ভত কংগনা ৰাণাৱটৰ নেতিবাচক মন্তব্যৰ প্ৰত্যুত্তৰত এই মন্তব্য কৰে।

কেইদিনমান পূৰ্বে এক দূৰদৰ্শন সাক্ষাৎকাৰত অভিনেত্ৰী কংগনা ৰাণাৱটে দাবী কৰিছিল যে ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনলৈ অহাৰ সময়তহে ভাৰতে প্ৰকৃত স্বাধীনতা লাভ কৰিছিল। ১৯৪৭ চনত দেশখনে স্বাধীনতা লাভ কৰা নাছিল। সেয়া আছিল ভিক্ষা। অভিনেত্ৰীগৰাকীয়ে এনে মন্তব্যৰ পিছত সমগ্ৰ দেশতে বিতৰ্কৰ সৃষ্টি হৈছিল।

তাৰ পিছতো কংগনাই ইনষ্টাগ্ৰামত মহাত্মা গান্ধীক সমালোচনা কৰি এটাৰ পিছত এটা পোষ্ট কৰিছিল। আনহাতে গান্ধীজীৰ অহিংস নীতিৰ প্ৰবাদ প্ৰতিম বাক্য ‘যদি কোনোবাই আপোনাক এফালে চৰ মাৰে তেন্তে আপোনাৰ আনখন গালো আগবঢ়াই দিব’ মন্তব্যটোক বিদ্ৰূপ কৰিছিল। কঙ্গনাই কয়, “আপুনি আপোনাৰ নায়ক বাছনি কৰিব পাৰে। কিন্তু দ্বিতীয় গাল আগবঢ়াই দিয়াটো স্বাধীনতা নহয়।”

এনে বিতৰ্কিত মন্তব্যৰে শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ প্ৰিয়ভাজন হ’বলৈ চেষ্টা কৰা কঙ্গনাৰ পৰা সন্মানীয় পদ্মশ্ৰী সন্মান ঘূৰাই ল’বলৈও দাবী জনায় বহুলোকে।

উল্লেখ্য যে গান্ধীৰ নাতি তুষাৰ গান্ধীয়ে শেহতীয়াকৈ বিজেপি চৰকাৰক সমালোচনা কৰি এটা প্ৰবন্ধ লিখিছিল। এই প্ৰবন্ধটোত, তেওঁ লিখিছে, “যিসকলে কয় যে গান্ধীজীয়ে কেৱল আন এখন গাল আগবঢ়াই দিছে তেওঁলোকৰ এই বীৰত্ব অনুভৱ কৰাৰ কোনো ক্ষমতা নাই। তেওঁলোকে কেতিয়াও এই বীৰত্ব বুজি নাপাব। কিন্তু আমি সেইটো কেতিয়াও পাহৰিব নোৱাৰিম। সেই সময়ৰ ভাৰতীয়সকলৰ এই বীৰত্ব বুজি পোৱাৰ প্ৰতিভা আছিল। আচলতে, তেওঁলোক সকলো একোজন নায়ক আছিল।”

তেওঁ লগতে লিখিছে, “আন এখন গাল আগবঢ়াই দিবলৈ ভয়াতুৰৰ সাহস নাই, ইয়াৰ বাবে অনেক সাহসৰ প্ৰয়োজন হয়। তেওঁলোক নায়ক নেকি যিসকলে ব্যক্তিগত স্বাৰ্থত নিজকে বচাবলৈ ক্ষমা বিচাৰিছিল ?”

প্ৰবন্ধটোত তেওঁ উল্লেখ কৰে,”যদি কোনোবাই বাপুক তেওঁৰ দেশ আৰু দেশৰ লোকসকলৰ বাবে ভিক্ষাৰী বুলি অভিহিত কৰে, তেন্তে তেওঁ ইয়াক মুক্তভাৱে গ্ৰহণ কৰিলেহেঁতেন। ইংলেণ্ডৰ প্ৰধানমন্ত্ৰীয়ে বাপুক অৰ্ধনগ্ন ভিক্ষাৰী বুলি ইতিকিং কৰিছিল। অৱশেষত কিন্তু ভাৰতৰ ব্ৰিটিছ ৰাজে সেই ফকীৰৰ ওচৰতে আত্মসমৰ্পণ কৰে।”