টুইটাৰত অধিক কঠোৰ নিয়ম প্ৰযোজ্য কৰিব পাৰে মাস্কে

টুইটাৰত অধিক কঠোৰ নিয়ম প্ৰযোজ্য কৰিব পাৰে মাস্কে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত তেনে ইংগিতেই পোৱা গৈছে। প্ৰতিবেদন খনত প্ৰকাশ পোৱা মতে ইলন মাস্কে শীঘ্ৰেই টুইটাৰ ব্যৱবহাৰ কৰা সকলক এক নিৰ্দিষ্ট পৰিমাণৰ মাচুল আদায় দিয়াবলৈ বাধ্য কৰোৱাব পাৰে। শেহতীয়াকৈ ‘ব্লু টিক’ৰ সেৱাৰ মূল্য টুইটাৰত বান্ধি দিয়া হৈছে।

ৱেবছাইট প্লেটফৰ্মাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ইলনে সকলো টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে ‘চাবস্ক্ৰিপশ্বন মাচুল’ লোৱাৰ পৰিকল্পনা কৰিছে। ইলনে শেহতীয়া বৈঠকত কৰ্মচাৰীসকলৰ সৈতে বিষয়টো বিতংভাৱে আলোচনা কৰিছিল বুলি প্ৰতিবেদনত কোৱা হৈছে । প্ৰতিবেদন অনুসৰি প্ৰতিজন টুইটাৰ ব্যৱহাৰকাৰীক প্ৰতি মাহে সীমিত সময়ৰ বাবে টুইটাৰ ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া হ’ব পাৰে। যাৰ পিছত ব্যৱহাৰকাৰীসকলে মাইক্ৰ’ব্লগিং ছাইটটো ব্যৱহাৰ কৰা অব্যাহত ৰাখিবলৈ সেৱাৰ মূল্য পৰিশোধ কৰিব লাগিব পাৰে।অৱশ্যে, প্ৰতিবেদনখনে এই সিদ্ধান্ত কেতিয়া কাৰ্যকৰী কৰা হ’ব সেই বিষয়ে একো কোৱা নাই।

যোৱা কেইদিনমানত ইলনে টুইটাৰৰ বিষয়ে কেইবাটাও ডাঙৰ সিদ্ধান্ত লৈছে।সেইবোৰৰ ভিতৰত আছিল বৃহৎ সংখ্যক কৰ্মচাৰী কৰ্তন কৰাৰ সিদ্ধান্ত আৰু ‘ব্লু টিক’ৰ বাবে সেৱা মাচুল লোৱাৰ সিদ্ধান্ত। ইলনে ঘোষণা কৰিছিল, “যদি ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্টত ‘ব্লু টিক’ বিচাৰে, তেওঁলোকে প্ৰতি মাহে ৬৫০ টকা পৰিশোধ কৰিব লাগিব।
‘ব্লু টিক’ৰ সেৱাৰ মূল্য ইতিমধ্যে নিৰ্ধাৰণ কৰা হৈছে। সূত্ৰ অনুসৰি এইবাৰ আপুনি টুইটাৰ ব্যৱহাৰ কৰিলে ধন আদায় দিব লাগিব।

ইলন মাস্কে শেহতীয়াকৈ ‘ব্লু টিক’ৰ বাবে সেৱা মাচুল লোৱাৰ সিদ্ধান্ত। ইলনে ঘোষণা কৰিছিল, “যদি ব্যৱহাৰকাৰীসকলে তেওঁলোকৰ একাউণ্টত ‘ব্লু টিক’ বিচাৰে, তেওঁলোকে প্ৰতি মাহে ৬৫০ টকা পৰিশোধ কৰিব লাগিব।