NORTHEAST NOW (Assamese)

ড্ৰাগছ ব্যৱসায়কলৈ সংঘাত! মেক্সিকোত পুনৰ বাৰত আক্ৰমণ চলাই মহিলাসহ ১২ জনক হত্যা কৰিলে দুৰ্বৃত্তই

October 16, 2022 2:16 pm · এন ই নাও নিউজ,গুৱাহাটী

৫ অক্টোৱৰত মোক্সিকোত ঘটা হত্যাযজ্ঞৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই যোৱা নিশা পুনৰ দুৰ্বৃত্তৰ আক্ৰমণত কঁপি উঠিল দেশ খনৰ গুয়ানাজুয়াটো নামৰ চহৰ খন।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে গুয়ানাজুয়াটোৰ এখন বাৰত দুৰ্বৃত্তই হঠাতে প্ৰৱেশ কৰি গুলীচালনা কৰাত থিতাতে ১২ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত ছয়গৰাকী মহিলাও আছে বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য পাঁচ অক্টোবৰতো এজন বন্দুকধাৰীয়ে মেক্সিকোত আক্ৰমণ কৰিছিল।

উক্ত আক্ৰমণত চহৰখনৰ মেয়ৰকে ধৰি মুঠ ১৮ জন লোক নিহত হৈছিল। চিটি হলত আক্ৰমণৰ আগতে আক্ৰমণকাৰীয়ে চহৰখনৰ প্ৰাক্তন মেয়ৰৰ ঘৰত প্ৰৱেশ কৰিছিল আৰু তেওঁক হত্যা কৰিছিল ।

আৰক্ষীৰ মতে ড্ৰাগছ মাফিয়াই দলটোৰ নেতাক হত্যাৰ প্ৰতিশোধ ল’বলৈ নাৰকীয় হত্যাকাণ্ড সংঘটিত কৰিছিল। অচিনাক্ত আক্ৰমণকাৰীৰ এটা দলে দক্ষিণ-পশ্চিম মেক্সিকোৰ সৰু চহৰ চান মিগুৱেল টোটালাপনৰ টাউন হলত উক্ত আক্ৰমণ সংঘটিত কৰিছিল।

Related News