অসমৰ পৰা আৰু ২৩ জন ৰহিংগিয়াক প্ৰত্যৰ্পণ কৰা হ’ব ম্যানমাৰলৈ

Rohingyas-750x375

যোৱা বৃহস্পতিবাৰে সাতজন ৰহিংগিয়াক মোৰে'ৰ সীমান্তৰে ম্যানমাৰলৈ প্ৰত্যৰ্পণ কৰা হয়। ফটো : বিশেষ ব্যৱস্থাপনাৰ জৰিয়তে

শিলচৰ কাৰাগাৰৰ পৰা ম্যানমাৰলৈ সাতজন ৰহিংগিয়াক সফলতাৰে প্ৰত্যৰ্পণ কৰাৰ পিছত নতুন দিল্লীয়ে বৰ্তমান অসমৰ তিনিটা ডিটেনশ্যন কেম্পত থকা আৰু ২৩ জন ৰহিংগিয়াক প্ৰত্যৰ্পণ কৰাৰ বাবে প্ৰক্ৰিয়া সম্পন্ন কৰিছে।

জানিব পৰা মতে ২৩ জন ৰহিংগিয়াৰ নাগৰিকত্ব পৰীক্ষা নিশ্চিত কৰা হৈছে আৰু যিকোনো সময়তে প্ৰত্যৰ্পণ কৰা হ’ব।

উল্লেখযোগ্য যে আটকাধীন লোককেইজনে নিজেই তেওঁলোকৰ নাগৰিকত্ব প্ৰমাণ কৰিছে আৰু আনকি ম্যানমাৰ চৰকাৰেও তেওঁলোকৰ সুৰক্ষা তথা নিৰাপত্তাৰ নিশ্চিতি প্ৰদান কৰি ৰহিংগিয়া কেইজনক গ্ৰহণ কৰিবলৈ সন্মত হৈছে।

দ্য আছাম ট্ৰিবিউন কাকতে ইয়াৰ এটা বাতৰিত সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে অবৈধভাৱে দেশত প্ৰৱেশ কৰা বাবে আটক হোৱা এই ২৩জন ৰহিংগিয়া অনুপ্ৰৱেশকাৰী বৰ্তমান শিলচৰ, গোৱালপাৰা আৰু তেজপুৰত ডিটেনশ্যন কেম্পত বন্দী হৈ আছে।

বাতৰিটোত লগতে সূত্ৰৰ উদ্ধৃতি দি কোৱা হৈছে যে ৰহিংগিয়াসকলৰ অধিকাংশই বৰ্তমান তেজপুৰত বন্দী হৈ আছে।

সেই একেই বাতৰিটোৱে লগতে সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে যে এই ২৩ জন ৰহিংগিয়াৰ গৃহৰ ঠিকনা সম্পৰ্কীয় তথ্য পাতি তেওঁলোকৰ লিখিত সন্মতি সাপেক্ষে ইতিমধ্যে ম্যানমাৰ কৰ্তৃপক্ষই গৃহ মন্ত্ৰ্যালয় তথা বৈদেশিক মন্ত্ৰ্যালয়ৰ জৰিয়তে পৰীক্ষা কৰিছে।