NORTHEAST NOW (Assamese)

লেহ আৰু জম্মু-কাশ্মীৰক চীনৰ অন্তৰ্ভূক্ত বুলি দেখুওৱাৰ পাছতে টুইটাৰৰ লিখিত ক্ষমা ভিক্ষা

October 29, 2020 6:02 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

এটা লাইভ অনুষ্ঠানত লেহ আৰু জম্মু-কাশ্মীৰক চীনৰ অন্তৰ্ভূক্ত বুলি দেখুওৱাৰ পাছতে টুইটাৰে বৃহস্পতিবাৰে যুটীয়া সংসদীয় সমিতিৰ ওচৰত ক্ষমা বিচাৰে।

টুইটাৰে তেওঁলোকে কৰা ভুলৰ বাবেই ভাৰতৰ যুটীয়া সংসদীয় সমিতিৰ ওচৰত ক্ষমা বিচাৰি আবেদন কৰে।

টুইটাৰে লেহ আৰু জম্মু-কাশ্মীৰক চীনৰ অন্তৰ্ভূক্ত বুলি দেখুওৱাৰ পাছতে যুটীয়া সংসদীয় সমিতিয়ে তীব্ৰ অসন্তোষ প্ৰকাশ কৰি টুইটাৰক এইক্ষেত্ৰত লিখিতবাৱে ক্ষমা বিচাৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰ পৰৱৰ্তী সময়ত টুইটাৰৰ মুখপাত্ৰই তেওঁলোকে কৰা ভুলৰ বাবে ক্ষমা বিচাৰি ভাৰত চৰকাৰৰ সৈতে কাম কৰাৰ বাবে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।

আনহাতে, তেওঁলোকে বিষয়বস্তুৰ গভীৰতাকো সন্মান কৰে বুলি লগতে কয়।

ইয়াৰ পূৰ্বেও ভাৰতৰ অখণ্ডতা আৰু একতাৰ প্ৰতি দেখুওৱা অসন্মানৰ বাবে কেন্দ্ৰীয় চৰকাৰে টুইটাৰৰ বিপক্ষে তীব্ৰ অসন্তোষ প্ৰকাশ কৰিছিল।

Related News