বিধান সভাৰ নিৰ্বাচন সমাগত। এনে সময়তে ৰাজ্যবাসীৰ মন বিজেপিমুখী কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে বিজেপিয়ে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কিছুদিন পূৰ্বে গুৱাহাটীৰ সকলো বাসভৱন, অট্টালিকা এটা বিশেষ ৰঙেৰে বোলাবলৈ জনোৱা আহ্বানৰ পিছতে ৰাজ্যিক বিজেপিয়ে এতিয়া ৰাজ্যৰ সকলো বাসভৱন আৰু অট্টালিকা গেৰুৱা ৰঙেৰে বোলোৱাৰ বাবে অভিযান চলাবলৈ সাজু হোৱাৰ বাতৰি পোৱা গৈছে।
ৰাজ্যিক বিজেপিৰ এগৰাকী নেতাই এই প্ৰসংগত মন্তব্য কৰি কয় যে ৰাজ্যৰ সকলো বাসভৱন আৰু অট্টালিকা যেতিয়া গেৰুৱা ৰঙেৰে ৰং কৰা হ’ব তেতিয়া পৰিবেশটোৱেই সুন্দৰ হৈ পৰিব।
ইয়াৰ ফলত অসমলৈ অধিক হাৰত পৰ্যটক আকৰ্ষিত হ’ব বুলি তেওঁ দাবী কৰে।
তেওঁ অৱশ্যে লগতে কয় যে ঘৰত নতুনকৈ ৰং কৰাৰ বাবদ বিজেপিৰ ফালৰ পৰা কোনো ধৰণৰ খৰচ বহন কৰা নহ’ব।
গৃহস্থই নিজা খৰচত ঘৰত গেৰুৱা ৰং কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাজ্যৰ সকলো ঘৰ এটা ৰঙৰে হ’লে পৰ্যটক আকৰ্ষিত হ’ব বুলি মন্তব্য কৰিছিল।
প্ৰণিধানযোগ্য কথাটো হ’ল সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি ৰাজ্যৰ সকলো ঘৰ একেটা ৰঙেৰে ৰং কৰাৰ প্ৰথম নিয়ম প্ৰৱৰ্তন কৰিছিল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে।
তৃণমূল কংগ্ৰেছ বংগত শাসনলৈ অহাৰ পিছতে মমতাৰ নিৰ্দেশত পশ্চিমবংগৰ ঘৰ-দুৱাৰ আনকি পথৰ কাষৰ লাইটপোষ্টো সেউজীয়া ৰঙেৰে বোলোৱা হৈছিল।
অসমতো একে নীতি অৱলম্বন কৰিবলৈ ওলোৱা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে বিৰোধী কংগ্ৰেছে।
ৰাজ্যিক কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা ববিতা শৰ্মাই কয় যে ৰাইজৰ সন্মুখত দাঙি ধৰিব পৰাকৈ বিজেপিৰ হাতত উন্নয়নৰ কোনো উদাহৰণ নাই।
আকাশলংঘী মূল্যবৃদ্ধিৰ বোজাত ৰাইজ আজি বেঁকা হৈ পৰিছে।কিন্তু এনেবোৰ কথালৈ গুৰুত্ব নাই বিজেপিৰ।
বিজ্ঞাপনধৰ্মী চমকেৰে বিজেপিয়ে ৰাজ্যৰ জনতাক আঁভুৱাভাঁৰি আহিছে বুলিও তেওঁ কয়।
বিজেপিৰ এনে গেৰুৱাৰকৰণৰ কাৰ্যসূচীলৈ নিৰ্বাচন আয়োগেও কেনে সঁহাৰি জনায় সেয়া সময়ত লক্ষণীয় হ’ব।