টুইটাৰৰ ভাৰতীয় ট্ৰেণ্ডত ভাৰতৰ প্ৰথম শিক্ষয়িত্ৰী সাৱিত্ৰীবাই ফুলে

"সাবিত্ৰীবায়ে শিক্ষয়িত্ৰী হিচাপে বিদ্যালয়লৈ যাওঁতে সদায়ে তেওঁৰ লগত দুখন শাড়ী লৈ গৈছিল, কাৰণ তেওঁলৈ বোকা দলিয়াইছিল"

savitribai phule

সাবিত্ৰীবাই ফুলেৰ প্ৰতিচ্ছবি।

আজি ভাৰতীয় টুইটাৰ য়ুজাৰসকলে দেশখনৰ প্ৰথমগৰাকী শিক্ষয়িত্ৰী হিচাপে খ্যাত সাৱিত্ৰীবাই ফুলেক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তাৰ বাবে সৃষ্ট #SavitribaiPhule হেছটেগটো দিনটোৰ বহু সময় ধৰি ইণ্ডিয়ান ট্ৰেণ্ডৰ শীৰ্ষত ৰয়।

টুইটাৰ য়ুজাৰসকলৰ অনেকেই ঊনবিংশ শতিকাৰ প্ৰথমাৰ্ধত জন্মগ্ৰহণ কৰা সমাজ সংস্কাৰকগৰাকীয়ে বৰ্ণবাদী সমাজখনৰ পৰা পোৱা নিৰ্য্যাতনৰ কাহিনী, ছবি, ডকুমেণ্টেৰি শ্বেয়াৰ কৰিছে।

এজন টুইটাৰ য়ুজাৰে How do I understand #SavitribaiPhule বুলি এটা পোষ্ট দি কয়, 1. Education was being denied & banned for women by Brahmins, she is the first 1 who defied the ban 2. Men = Women were declared unequal by Brahmins, she destroyed that declaration, became equal 3. Led movement of education & social change.

ৰবি ৰতন নামৰ এজন য়ুজাৰে এখন তথ্যচিত্ৰৰ এটা ভিডিঅ’ৰ সৈতে পোষ্ট দি কয়, “সাবিত্ৰীবায়ে শিক্ষয়িত্ৰী হিচাপে বিদ্যালয়লৈ যাওঁতে সদায়ে তেওঁৰ লগত দুখন শাড়ী লৈ গৈছিল। কাৰণ ছোৱালীক শিক্ষা দি তেওঁলোকৰ ধৰ্মটো অশুচি কৰা বুলি পুণেৰ ব্ৰাহ্মিণসকলে অভিযোগ তুলি তেওঁৰ গালৈ বোকা দলিয়াইছিল”।

উল্লেখযোগ্য যে দেশৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী সাৱিত্ৰীবাইৰ জন্ম হৈছিল ১৮৩১ চনৰ ৩ জানুৱাৰিত মহাৰাষ্ট্ৰৰ চাতাৰা জিলাৰ নাইগাৱঁত। স্বামী জ্যোতিৰাও ফুলেৰ সহযোগত তেওঁ ভাৰতৰ মহিলাসকলৰ অধিকাৰৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিছিল। ভাৰতবৰ্ষত যুগে যুগে প্ৰচলিত হৈ থকা কুসংস্কাৰ নিৰ্মূলত এইগৰাকী মহীয়সী মহিলাৰ অৱদান অতুলনীয়।

মাত্ৰ ১০ বছৰ বয়সতে সাৱিত্ৰীবাইৰ ১৪ বছৰীয়া জ্যোতিৰাওৰ লগত বিবাহ হৈছিল।

শিক্ষাৰ পৰা বঞ্চিত, বাল্যবিবাহৰ কৱলত পৰা সাৱিত্ৰীবাইৰ পৰৱৰ্তী জীৱন সংগ্ৰাম আৰু সমাজ সংস্কাৰকৰ ভূমিকাৰ মাজত বিচাৰি পোৱা যায় এটা অদম্য সত্তা।

বিবাহপাশত আবদ্ধ হোৱা পৰ্যন্ত তেওঁ শিক্ষালাভৰ পৰা বঞ্চিত আছিল। সেইসময়ৰ সমাজ ৱ্যবস্থাত তথাকথিত উচ্চ জাতৰ লোকসকলে তথাকথিত নিম্নজাতৰ লোকসকলক শিক্ষা গ্ৰহণত বাধা দিছিল।

স্বামীৰ তত্ত্বাৱধানত প্ৰাথমিক শিক্ষা লাভ কৰা সাৱিত্ৰীবায়ে সেই শিক্ষা সম্পূৰ্ণ কৰি ট্ৰেইনিং প্ৰগেমত যোগদান কৰে।

নাৰীৰ শিক্ষাত বাধা দিয়া সমকালীন সমাজখনৰ পৰা পোৱা প্ৰচণ্ড প্ৰত্যাহ্বান নেওচি সাৱিত্ৰীবায়ে মহিলাসকলৰ বাবে স্কুল প্ৰতিষ্ঠা কৰিছিল। স্বামীৰ সৈতে লগ লাগি তেওঁ পুনেত তিনিখন স্কুল প্ৰতিষ্ঠা কৰিছিল আৰু উক্ত স্কুলসমূহত ১৫০গৰাকীতকৈ অধিক মহিলাই শিক্ষা লাভ কৰিছিল।

তেওঁলোকৰ এই প্ৰচেষ্টাক সেই সময়ৰ সংৰ্কীণ মনোবৃত্তিৰ সমাজে কঠোৰ হাতেৰে দমন কৰিবলৈ চেষ্টা কৰিছিল। শিক্ষয়িত্ৰী হিচাপে স্কুললৈ যোৱাৰ পথত সাৱিত্ৰীবাইৰ গালৈ শিল, গোবৰ আদি ছটিয়াই তেওঁক বাধা দিব বিচাৰিছিল। মহিলাক শিক্ষিত কৰাৰ তেওঁৰ প্ৰয়াসক সমাজৰ উচ্চ শ্ৰেণীটোৱে পাপ আখ্যা দিছিল।

কিন্তু এই সকলো বাধা সত্ত্বেও সাৱিত্ৰীবাই আৰু জ্যোতিৰাও ১৮খন বিদ্যালয় স্থাপন কৰিবলৈ সক্ষম হৈছিল, য’ত সমাজৰ  বিভিন্ন শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰিছিল।

সাৱিত্ৰীবাই ফুলে এগৰাকী সুকবিও আছিল, যি নিজৰ কবিতাৰে জনগণক শিক্ষাগ্ৰহণ কৰিবলৈ উদগনি দিছিল। ইয়াৰ উপৰি তেওঁ ‘মহিলা সেৱা মণ্ডল’ গঠন কৰি নাৰীৰ অধিকাৰসমূহ প্ৰচাৰ কৰি মহিলাৰ সৱলীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

১৮৯৭ চনৰ ১০ মাৰ্চত সাৱিত্ৰীবাইৰ মৃত্যু হয়। তেওঁক সন্মান দি ২০১৫ চনত পুনে বিশ্ববিদ্যালয়ক সাৱিত্ৰীবাই ফুলে পুনে বিশ্ববিদ্যালয় নামেৰে পুনৰ নামাকৰণ কৰা হয়।