NORTHEAST NOW (Assamese)

মেঘালয়ৰ হানিমুন হত্যাকাণ্ড গোচৰ; দণ্ডাধীশৰ সন্মুখত মুখ খুলিবলৈ অস্বীকাৰ দুই অভিযুক্তৰ

June 27, 2025 10:57 am · এন ই নাও নিউজ, গুৱাহাটী

মেঘালয়ৰ হানিমুন হত্যাকাণ্ডই নতুন মোৰ লৈছে। ৰাজা ৰঘুবংশী হত্যাকাণ্ডৰ তিনিজন আক্ৰমণকাৰীৰ ভিতৰত দুজনে দণ্ডাধীশৰ আগত স্বীকাৰোক্তি দিবলৈ অস্বীকাৰ কৰিছে। যদিও আৰক্ষীয়ে পূৰ্বে দাবী কৰিছিল যে তিনিওজন আক্ৰমণকাৰীয়ে ৰাজাক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছিল।

সূত্ৰৰ পৰা জানিব পৰা মতে, আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মী নামৰ দুৰ্বৃত্ত দুজনে দণ্ডাধীশৰ আগত মুখ খোলা নাই।

শ্বিলঙৰ আৰক্ষী অধীক্ষক তথা বিশেষ তদন্তকাৰী দলৰ শীৰ্ষ বিষয়া হাৰ্বাৰ্ট পিনিয়াদ খাৰকংগাৰে জনোৱা মতে, বৃহস্পতিবাৰে (২৬ জুন) আকাশ ৰাজপুত আৰু আনন্দ কুৰ্মীক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হয়। ন্যায়াধীশক তেওঁলোকে কোনো বক্তব্য দিব বিচৰা নাছিল।

তেওঁ কয়, “এই কাণ্ডৰ পাঁচজন অভিযুক্তৰ ভিতৰত সেই দুজনক দণ্ডাধীশৰ ওচৰলৈ পঠিওৱা হৈছিল। যদিও তেওঁলোকে ন্যায়াধীশক ভাষ্য নিদিলে, তেওঁলোকৰ বিৰুদ্ধে আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে। আমি বৰ্তমান এফ এছ এল (ফৰেনছিক চাইন্স লেবৰেটৰী)ৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো।’

ইয়াৰ পূৰ্বে মেঘালয় আৰক্ষীয়ে দাবী কৰিছিল যে এই ঘটনাৰ আটাইকেইজন অভিযুক্তই নিজৰ অপৰাধ স্বীকাৰ কৰিছে। এই পৰিপ্ৰেক্ষিতত খাৰকংগৰে কয় যে আৰক্ষীৰ ওচৰত স্বীকাৰোক্তি আদালতত গ্ৰহণযোগ্য নহয়।

তেওঁ কয়, ‘অভিযুক্তৰ স্বীকাৰোক্তি নিদিয়াৰ অধিকাৰ আছে। অৱশ্যে তেওঁলোকৰ বিৰুদ্ধে আমাৰ হাতত গুৰুত্বপূৰ্ণ প্ৰমাণ আছে। এই গোচৰত আমাৰ হাতত যথেষ্ট প্ৰমাণ আছে।’

উল্লেখ্য যে এই হত্যাকাণ্ডত বুধবাৰে (২৫ জুন) ইন্দোৰৰ পালচিয়া অঞ্চলৰ এটা নলাৰ পৰা মেঘালয় আৰক্ষীৰ এটা দলে এটা প্লাষ্টিকৰ বেগ উদ্ধাৰ কৰে। সূত্ৰ অনুসৰি সেই বেগত এটা দেশত নিৰ্মিত পিষ্টল, দুটা মেগজিন আৰু দুটা ০.৩২ ব’ৰ কাৰ্টিজ উদ্ধাৰ কৰা হৈছে। ইয়াৰ লগতে এটা মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে।

মেঘালয় আৰক্ষীৰ এটা অংশই ধাৰণা কৰে যে সেই বেগত থকা সামগ্ৰীবোৰ গোচৰটোৰ সৈতে জড়িত ‘গুৰুত্বপূৰ্ণ প্ৰমাণ’ হ’ব পাৰে।

Related News