• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইজৰাইলে ২০ মাহত মধ্যপ্ৰাচ্যৰ ৫টা অঞ্চলত চলাইছে ৩৫ হাজাৰ আক্ৰমণ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 27, 2025 12:07 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ২০ মাহতকৈ অধিক সময় ধৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডকে ধৰি মধ্যপ্ৰাচ্যৰ চাৰিখন দেশত প্ৰায় ৩৫ হাজাৰ আক্ৰমণ চলাই আহিছে। ইয়াৰে আটাইতকৈ বেছি আক্ৰমণ হৈছে পেলেষ্টাইনৰ ওপৰত। ইজৰাইলৰ আক্ৰমণৰ বলি হোৱা চাৰিখন দেশ হ’ল ইৰাণ, ছিৰিয়া, লেবানন আৰু য়েমেন।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ অলাভজনক সংস্থা আৰ্মড কনফ্লিক্ট লকেচন এণ্ড ইভেণ্ট ডাটা প্ৰজেক্ট (ACLED)-এ এই তথ্য দাঙি ধৰিছে। ইজৰাইলে ২০২৩ চনৰ ৭ অক্টোবৰৰ পৰা পেলেষ্টাইনৰ গাজাক আক্ৰমণ কৰি আহিছে। তাৰ পিছত ইজৰাইলে ২৩ জুনত ইৰাণৰ সৈতে যুদ্ধবিৰতিত লিপ্ত হয়। ইয়াৰ মাজৰ ২০ মাহতকৈও অধিক সময়ত মধ্যপ্ৰাচ্যৰ বিভিন্ন অঞ্চলত ইজৰাইৰ আক্ৰমণৰ তথ্য বিশ্লেষণ কৰিছে এচিএলইডি-য়ে।

Apply Now

এচিএলইডিৰ নথিভুক্ত তথ্য অনুসৰি ইজৰাইলে পেলেষ্টাইনৰ ভূখণ্ডক লক্ষ্য কৰি সৰ্বাধিক আক্ৰমণ সংঘটিত কৰিছে, কমেও ১৮,২৩৫টা। লেবাননত ১৫,৫২০টা আক্ৰমণ সংঘটিত কৰিছে দেশখনে। ইয়াৰ পিছত ইজৰাইলী বাহিনীয়ে ক্ৰমে ছিৰিয়াত ৬১৬টা, ইৰাণত ৫৮টা আৰু য়েমেনত ৩৯টা আক্ৰমণ সংঘটিত কৰে।

মধ্যপ্ৰাচ্যত এই আক্ৰমণৰ ভিতৰত যুদ্ধবিমান আৰু ড্ৰ’নৰ ব্যৱহাৰ, গোলাবৰ্ষণ, ক্ষেপণাস্ত্ৰ নিক্ষেপ, দূৰ নিয়ন্ত্ৰিত বোমা বিস্ফোৰণ আৰু পদ্ধতিগতভাৱে সম্পত্তি ধ্বংস কৰা আদি অন্যতম।

ইজৰাইলে ৬২৮ দিনতকৈও অধিক সময় ধৰি গাজাত এক বিধ্বংসী অভিযান চলাই আহিছে। এই ভূখণ্ডৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি তাত এতিয়ালৈকে ৫৬ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ইজৰাইলে গাজা আক্ৰমণৰ বাবে ব্যৱহাৰ কৰা বহু কৌশল বৰ্তমান অধিকৃত পশ্চিম পাৰৰ ভূমি দখল আৰু নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ পৰিসংখ্যা অনুসৰি বিগত ২০ মাহত পশ্চিম তীৰত প্ৰায় ১০০০ পেলেষ্টাইনী নিহত হৈছে।

গাজা সংকটৰ মাজতে ইজৰাইল আৰু লেবাননৰ সশস্ত্ৰ সংগঠন হিজবুল্লাহৰ মাজত প্ৰায় ১৪ মাহ ধৰি যুঁজ হৈ আহিছে। ২০২৪ চনৰ ২৭ নৱেম্বৰত দুয়োপক্ষই যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। দুয়োখন দেশৰ সীমান্তত সংঘটিত হৈছিল এই সংঘাত। হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে।

ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ পতনৰ দুদিন পিছত ২০২৪ চনৰ ১০ ডিচেম্বৰত ইজৰাইলে ছিৰিয়াত ব্যাপক আক্ৰমণ চলায়। ইজৰাইলে ছিৰিয়াৰ মূল বিমানবন্দৰ, বিমান প্ৰতিৰক্ষা ব্যৱস্থা, যুদ্ধ বিমান আৰু অন্যান্য কৌশলগত স্থাপনসমূহ আক্ৰমণ কৰি ধ্বংস কৰে। এচিএলইডিৰ তথ্য অনুসৰি বিগত ছমাহত ইজৰাইলী বাহিনীয়ে সমগ্ৰ ছিৰিয়াত ২০০ৰো অধিক আক্ৰমণ সংঘটিত কৰিছে।

ইজৰাইলে য়েমেনৰ সশস্ত্ৰ সংগঠন হাউথীৰ নিয়ন্ত্ৰিত বিভিন্ন আন্তঃগাঁথনিৰ ওপৰতো আক্ৰমণ চলাইছে। যোৱা বছৰৰ শেষৰ ফালে এই আক্ৰমণ তীব্ৰতৰ হৈ পৰিছিল। ২০২৫ চনতো আক্ৰমণ সংঘটিত হৈছে।

ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া সংযোজন হৈছে ইৰাণ। ১৩ জুনত দুয়োখন দেশে একেৰাহে ১২ দিন ধৰি আক্ৰমণ-প্ৰত্যাক্ৰমণ চলায়। তাৰ পিছত ২৩ জুনত যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm
বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

বিহাৰত ছাত্ৰৰ প্ৰতিবাদত AK-৪৭ চলালে আৰক্ষীয়ে: উচ্চতম ন্যায়ালয়ত আৱেদন দাখিল

July 27, 2026 3:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd