• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক দলৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে দুগৰাকী অধিবক্তা : আকৰ্ষণীয় হ’ব গুৱাহাটী সমষ্টিৰ যুঁজ

লোকসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যুঁজ দিব যুজাৰু দ্যা ফাইটাৰ্ছৰ নেত্ৰীয়ে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
March 27, 2019 9:14 pm
ৰাজনৈতিক দলৰ বিপৰীতে নিৰ্দলীয় প্ৰাৰ্থীৰূপে দুগৰাকী অধিবক্তা : আকৰ্ষণীয় হ’ব গুৱাহাটী সমষ্টিৰ যুঁজ

জোনমনি দেৱী খাউণ্ড

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অধিক আকৰ্ষণীয় হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপট। ব্যতিক্ৰম নহয় গুৱাহাটী লোকসভা সমষ্টিও। হেভি ৱেইট সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী কুইন ওজাৰ বিপৰীতে থিয় দিছে দুগৰাকী অধিবক্তাই। এগৰাকী উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমান্যু হাজৰিকা আৰু আনগৰাকী উচ্চ ন্যায়ালয়ৰ অধিবক্তা তথা চলচ্চিত্ৰ নিৰ্মাতা জোনমণি দেৱী খাউণ্ড।

আনহাতে, এই তিনিগৰাকী প্ৰাৰ্থীৰ বিপৰীতে প্ৰাৰ্থী থিয় কৰাবলৈ বৰ্তমানলৈকে সক্ষম হোৱা নাই প্ৰধান বিৰোধীদল কংগ্ৰেছ। কংগ্ৰেছৰ বাছনিৰ চালনিখনেৰে বৰ্তমানলৈকে সৰকি পৰা নাই কোনো প্ৰাৰ্থীৰ নাম।

তদুপৰি খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ দাবীৰে প্ৰতিদ্বন্দ্বিতাত নামিছে উপমন্যু হাজৰিকা।‘’খিলঞ্জীয়াৰ ভোটত নিৰ্বাচিত হোৱা প্ৰতিনিধিয়ে খিলঞ্জীয়াৰ স্বাৰ্থআগত ৰাখিব লাগিব, কোনো বিদেশী বা দলৰ নহয়৷ অসমৰ কথা, খিলঞ্জীয়াৰ কথা শুনিবলৈ আৰু শুনাবলৈ দিল্লীত মাত দিব লাগে, সংসদত মাত দিব লাগে।’’- এই কথাকে সাৰোগত কৰি নিৰ্বাচনীপ্ৰচাৰত নামি পৰিছে নিৰ্দলীয় প্ৰাৰ্থী উপমান্যু হাজৰিকাই ৷

গুৱাহাচী সমষ্টিৰে আন এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ড ‘ৰাজনৈতিক দলসমূহৰ ভণ্ডামিৰ ভূক্তভোগী হৈ থাকিব নোৱাৰি’ শীৰ্ষক শ্লোগানেৰে নামিব নিৰ্বাচনী প্ৰচাৰত।

‘কষ্ট কৰি কি লাভ হ’ব যদি প্ৰতিনিধি জনেই ভাল নাপাওঁ, যিজনে ৰাইজৰ সমস্যাসমূহ সংসদত খুলি ক’ব নোৱাৰে। ৰাজনৈতিক দলসমূহৰ ভণ্ডামিৰ ভূক্তভোগী হৈ থাকিব নোৱাৰো। লোকসভা সমষ্টিটোৰ বহু লোকে মোক প্ৰাৰ্থী হিচাপে বিচাৰিছে। গতিকে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হোৱাৰ বাহিৰে অন্য পথ নাই।‘ নৰ্থ ইষ্ট নাওৰ আগত এনেদৰে স্পষ্ট মন্তব্য কৰে জোনমণি দেৱী খাউণ্ডে। খাউণ্ড বৰ্তমান যুজাৰু দ্যা ফাইটাৰ্ছ নামৰ সংগঠনটোৰ সভানেত্ৰী পদত আছে।

তাৎপৰ্য্যপূৰ্ণভাৱে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিগত সময়ত ৰাজপথ উত্তাল কৰি ৰখা জোনমণি দেৱী খাউণ্ডৰ নিৰ্বাচনী ইচ্ছু বিধেয়কখন নহয়।

‘নাগৰিকত্ব সংশোধনী বিধেয়কখন যি পৰ্য্যায়লৈকে লৈ যাব লাগিছিল আমি লৈ গ’লো।বিধেয়কৰ বিৰুদ্ধে হোৱা আন্দোলন সফল হোৱা বুলি আমি ভাবো। বিজেপি ক্ষমতালৈ আহিলে এই বিধেয়কখন পুনৰ আনিব। কিন্তু মই আশাবাদী বিজেপি ক্ষমতালৈ নাহে আৰু বিধেয়কখন পুনৰ উত্থাপনৰ প্ৰশ্নই নাহে।‘ খাউণ্ডে অতি দৃঢ়তাৰে নৰ্থ ইষ্ট নাওৰ এনেদৰে মন্তব্য কৰে।

আনহাতে,  সাংসদ হিচাপে নিৰ্বাচিত হ’লে ধ্বংস হোৱা উদ্যোগবোৰ পুনৰ উজ্জীৱিত কৰি যুৱক-যুৱতীক সংস্থাপন, মহানগৰৰ দাতিকাষৰীয়া অঞ্চলৰ বিশুদ্ধ খোৱা পানীৰ সমস্যা সমাধান, সমষ্টিটোৰ ভিতৰুৱা অঞ্চলত স্বাস্থ্যসেৱা উন্নীতকৰণ ইত্যাদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব বুলি দাবী কৰে।

অৱশ্যে ভালদৰে সমষ্টিসমূহ ভ্ৰমণ কৰিলে অন্য সমস্যাসমূহৰ বিষয়ে অৱগত হ’ব বুলিও তেওঁ কয়।

নাৰীৰ সুৰক্ষাৰ বিষয়টো মূল বিষয় হিচাপে তেওঁ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় ‘প্ৰতিদিনেই ধৰ্ষিতা হৈছে এগৰাকী নাৰী। সাংসদ হিচাপে নিৰ্বাচিত হ’লে নাৰীৰ আত্মৰক্ষাৰ বিষয়টো চৰকাৰী ৰূপত আগবঢ়াবলৈ চেষ্টা কৰিম। যুজাৰু দ্যা ফাইটাৰ্ছে ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তত আত্মৰক্ষাৰ বাবে প্ৰশিক্ষণ আৰম্ভ কৰিছে।‘

আনহাতে, লোকসভা নিৰ্বাচনত বিধেয়ক বিৰোধী কিছুমান সংগঠনে তেওঁৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি তেওঁ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিকলৈ উদ্বেগ! ঐতিহাসিক ধনশিৰীমুখত ৰাজহুৱা সভাই ল’লে গণতান্ত্ৰিক আন্দোলনৰ সংকল্প  

August 21, 2025 7:25 pm
অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

অনুসূচিত জাতি-জনজাতি আৰু চাহ জনগোষ্ঠীৰ বাহিৰে অসমত ১৮ বছৰৰ ওপৰৰ লোকক আধাৰ কাৰ্ড দিয়া বন্ধ কৰিলে চৰকাৰে

August 21, 2025 6:42 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

‘বিশ্বৰ আটাইতকৈ দয়ালু বিচাৰক’ ফ্ৰেংক কেপ্ৰিঅ’ৰ দেহাৱসান; আছিল ছ’চিয়েল মিডিয়াৰ তাৰকাও

August 21, 2025 9:30 pm
ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

ৰাজ্যপালে অনিৰ্দিষ্টকাললৈ বিধেয়ক পেলাই ৰাখিলে বিধানসভাই অচল হৈ পৰিব: উচ্চতম ন্যায়ালয়

August 21, 2025 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd