NORTHEAST NOW (Assamese)

অস্ত্ৰসহ নগাঁৱৰ আৰক্ষীৰ জালত ২ অস্ত্ৰ সৰবৰাহকাৰী

September 28, 2018 8:58 pm · মিণ্টু দাস

বৃহস্পতিবাৰে নিশা নগাঁৱত অস্ত্ৰসহ ২ গৰাকী অস্ত্ৰ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে। প্ৰাপ্ত তথ্য মতে সেনা আৰু নগাঁও আৰক্ষীৰ যুটীয়া অভিযানত নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা উক্ত অস্ত্ৰ সৰবৰাহকাৰী ২জনক আটক কৰা হয়।

ধৃত যুৱক দুজনক নগাঁৱৰ মোল্লাপট্টিৰ বাসিন্দা চাইদুল ইছলাম আৰু ৰূপহীহাটৰ বাসিন্দা ছাহজাহান আলী বুলি জানিব পৰা গৈছে। তেওঁলোকৰ কবলৰ পৰা আৰক্ষীয়ে এটা .২২ পিষ্টল আৰু ৫ জাঁই সক্ৰিয় গুলী জব্দ কৰে জানিবলৈ দিয়ে।

আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে জাগীৰোডস্থিত সেনাৰ শিখ ৰেজিমেণ্টৰ পৰা পোৱা গোপন তথ্যৰ ভিত্তিত অস্ত্ৰ সৰবৰাহকাৰী দুজনক আটক কৰা হয়।

ঘটনা সম্পৰ্কত অধিক তথ্যৰ বাবে নগাঁও আৰক্ষীয়ে যুৱকদুজনক নিজৰ জিম্মাত ৰাখি তদন্ত চলাই আছে বুলি জানিবলৈ দিয়ে।

Related News