কৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত লকডাউন দিয়া হৈছে৷
কিছু পৰিমানে শিথিল কৰা হৈছে যদিও এই লকডাউনৰ সময়ত তীক্ষ্ম নজৰ ৰাখিছে মহানগৰ আৰক্ষীয়ে।
আজিৰ দিনটোত লকডাউন ভংগৰ অপৰাধত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটি গোচৰ ৰুজু কৰিছে৷
ইফালে আজিৰ দিনটোত মাস্ক নিপিন্ধাৰ অপৰাধত ১০,৫০০ টকা জৰিমনা সংগ্ৰহ কৰে৷
আনহাতে ৩০ জুনৰ পৰা আজি পৰ্যন্ত লকডাউন ভংগৰ অপৰাধত ১৬৯জন লোকক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷
আনহাতে ৩০ জুনৰ পৰা আজি পৰ্যন্ত লকডাউন ভংগৰ অপৰাধত ৫৩টা গোচৰ ৰুজু হৈছে৷
এতিয়ালৈকে মাস্ক নিপিন্ধাৰ অপৰাধত ১,৫১,০০০ টকা জৰিমনা সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষীয়ে৷