গুৱাহাটী লকডাউন: দিনটোত দুজনক গ্ৰেপ্তাৰ; ১০,৫০০ টকাৰ জৰিমনা সংগ্ৰহ

Lockdown upsets Barpeta's firecracker industry

প্ৰতীকী ছবি।

কৰ’নাৰ গণ সংক্ৰমণ ৰোধৰ বাবে গুৱাহাটী মহানগৰীত  লকডাউন দিয়া হৈছে৷

কিছু পৰিমানে শিথিল কৰা হৈছে যদিও এই লকডাউনৰ সময়ত তীক্ষ্ম নজৰ ৰাখিছে মহানগৰ আৰক্ষীয়ে।

আজিৰ দিনটোত লকডাউন ভংগৰ অপৰাধত আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰাৰ লগতে এটি গোচৰ ৰুজু কৰিছে৷

ইফালে আজিৰ দিনটোত মাস্ক নিপিন্ধাৰ অপৰাধত ১০,৫০০ টকা জৰিমনা সংগ্ৰহ কৰে৷

আনহাতে ৩০ জুনৰ পৰা আজি পৰ্যন্ত লকডাউন ভংগৰ অপৰাধত ১৬৯জন লোকক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে৷

আনহাতে ৩০ জুনৰ পৰা আজি পৰ্যন্ত লকডাউন ভংগৰ অপৰাধত ৫৩টা গোচৰ ৰুজু হৈছে৷

এতিয়ালৈকে মাস্ক নিপিন্ধাৰ অপৰাধত ১,৫১,০০০ টকা জৰিমনা সংগ্ৰহ কৰিছে মহানগৰ আৰক্ষীয়ে৷