NORTHEAST NOW (Assamese)

ৰাজ্যত ৰেগিং কাণ্ডৰ জোৱাৰ: এইবাৰ ৰেগিঙৰ অভিযোগত অসম চিকিৎসা মহাবিদ্যালয়ৰ দুই ছাত্ৰক নিলম্বন

November 29, 2022 12:20 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 29, 2022 12:21 pm

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডই ৰাজ্যজুৰি তোলপাৰ লগোৱাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে অসম চিকিৎসা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিং কাণ্ড। কনিষ্ঠ ছাত্ৰক ৰেগিং কৰাৰ অভিযোগত অভিযুক্ত দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক দোষী সাব্যস্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

দুই অভিযুক্ত ছাত্ৰক দোষী সাব্যস্ত কৰি অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰদ্বয়ক হোষ্টেলৰ পৰা বহিষ্কাৰ কৰাৰ লগতে ছমাহৰ বাবে শ্ৰেণীত অংশগ্ৰহণৰ পৰা নিলম্বিত কৰিছে।

অভিযুক্ত ছাত্ৰ দুগৰাকীৰ নাম ক্ৰমে ডাঃ সয়ন মুখাৰ্জী আৰু ডাঃ সাকেট ছাৰাফ বুলি কৰ্তৃপক্ষই সদৰী কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ দুদিন পিছতহে আজি এই ঘটনা পোহৰলৈ আহিছে যদিও, চলিত মাহৰ তৃতীয় সপ্তাহতে সংঘটিত হৈছিল এই ঘটনা।

চিকিৎসা মহাবিদ্যালয়ৰ এণ্টি ৰেগিং কমিটীয়ে দুয়োকে দোষী সাব্যস্ত কৰি লগে লগে ক্লাছত উপস্থিত থকাৰ পৰা নিলম্বন কৰি হোষ্টেলৰ পৰা বহিষ্কাৰ কৰে। যোৱা ২১ নৱেম্বৰত এই সিদ্ধান্ত গ্ৰহণ কৰে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই।

এএমচি-ৰ কাৰ্যালয়ৰ দ্বাৰা জাৰি কৰা আদেশত কোৱা হৈছে, “এণ্টি ৰেগিং কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অৰ্থপেডিক্স বিভাগৰ দুগৰাকী স্নাতকোত্তৰ ছাত্ৰক শাৰীৰিক আৰু মানসিক দুয়োটা দিশতে কনিষ্ঠ স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰাৰ অভিযোগত দোষী সাব্যস্ত কৰা হৈছে।”

সেয়েহে এণ্টি ৰেগিং কমিটীৰ পৰামৰ্শ অনুসৰি অৰ্থপেডিক্স বিভাগৰ দোষী স্নাতকোত্তৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হয় বুলি উল্লেখ কৰা হয় আদেশটোত।

“এএমচিএইচ-ত ৰেগিঙৰ বিৰুদ্ধে অভিযোগ পাইছিলোঁ। লগে লগে এণ্টি ৰেগিং কমিটিৰ সভা অনুষ্ঠিত কৰি আমি দুয়োগৰাকী স্নাতকোত্তৰ ছাত্ৰক ক্লাছত উপস্থিত থকাৰ পৰা নিলম্বিত কৰি হোষ্টেলৰ পৰা বহিষ্কাৰ কৰিছো। ২০২২ চনৰ ২১ নৱেম্বৰত এণ্টি ৰেগিং কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।”-এ এম চিৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক ড০ সঞ্জীব কাকতিয়ে এইদৰে কয়।

চিকিৎসা মহাবিদ্যালয়ে সময়মতে এই পদক্ষেপ লোৱাৰ বাবে ভুক্তভোগী ছাত্ৰ-ছাত্ৰীসকলৰ পৰিয়ালৰ লোকে অসম চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত ৰেগিং কাণ্ডত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীয়ে এতিয়ালৈকে ৫ গৰাকী ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে। ডিব্ৰুগড় আৰক্ষীয়ে ৰেগিঙৰ বলি হোৱা ছাত্ৰগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুজু কৰি এজন প্ৰাক্তন আৰু চাৰিজন বৰ্তমানৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে এই দুই ৰেগিং কাণ্ডৰ উপৰিও শেহতীয়াকৈ যোৰহাট অগ্ৰণী শিক্ষানুষ্ঠান জগন্নাথ বৰুৱা মহাবিদ্যালয়ত সংঘটিত আন এক ৰেগিঙৰ ঘটনাও পোহৰলৈ আহিছে। হোষ্টেল আবাসী জ্যেষ্ঠ ছাত্ৰৰ দ্বাৰা চৰম মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ অভিযোগ উত্থাপন কৰিছে মহাবিদ্যালয়খনৰ এগৰাকী শিক্ষাৰ্থীয়ে।

জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অধ্যয়নৰত প্ৰণৱ চুতীয়া নামৰ বি.কম প্ৰথম ষান্মাসিকৰ ছাত্ৰগৰাকীয়ে হোষ্টেল আবাসী জেষ্ঠ ছাত্ৰই তেওঁৰ ওপৰত তীব্ৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰি কলেজ হোষ্টেল ত্যাগ কৰিছে।

Related News