• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

যুৱ প্ৰজন্মক সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত কৰোৱাৰ অভিযোগত জঈছ-ই-মহম্মদৰ পাঁচ সদস্যক যাৱজ্জীৱন কাৰাদণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 29, 2022 11:35 am
5 Jaish Terrorists Get Life Term For Recruiting Youths For Terror Activities
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশজুৰি সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে যুৱক-যুৱতীক নিযুক্তি তথা প্ৰশিক্ষণ দিয়াৰ অপৰাধত সোমবাৰে দিল্লীৰ এখন আদালতে সন্ত্ৰাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ পাঁচগৰাকী সন্ত্ৰাসবাদী সদস্যক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় প্ৰদান কৰে।

বিশেষ ন্যায়াধীশ শৈলেন্দৰ মালিকে এই গোচৰত অভিযুক্ত ক্ৰমে ছাজ্জাদ আহমেদ খান, বিলাল আহমেদ মিৰ, মুজাফ্ফৰ আহমেদ ভাট, ইছফাক আহমেদ ভাট আৰু মেহৰাজ-উদ্দিন চোপনে দোষ স্বীকাৰ কৰাৰ পিছতে কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

Apply Now

আনহাতে ন্যায়াধীশগৰাকীয়ে এই গোচৰত তনবীৰ আহমেদ গনী নামৰ আন এগৰাকী সন্ত্ৰাসবাদী সদস্যক পাঁচ বছৰৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশগৰাকীয়ে দোষী সাব্যস্ত হোৱা সন্ত্ৰাসবাদী সদস্যসকলে ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ ষড়যন্ত্ৰ চলাইছিল বুলি নিশ্চিত কৰে।

গোচৰৰ আদেশত ন্যায়াধীশ মালিকে কয়, “দোষী সন্ত্ৰাসবাদীসকল কেৱল জঈছৰ সদস্যই নহয়, তেওঁলোকে সন্ত্ৰাসবাদী সদস্যসকলক অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, বিস্ফোৰক সামগ্ৰী যোগান ধৰি সমৰ্থন দি আহিছে।”

অভিযুক্তসকলে জম্মু-কাশ্মীৰৰ স্থানীয় লোকসকলক উগ্ৰপন্থী কাৰ্যত যোগ দিবলৈ প্ৰলোভিত কৰা আৰু সন্ত্ৰাসবাদী কাৰ্য সংঘটিত কৰাৰ বাবে ধনৰ ব্যৱস্থা কৰা আদি কামতো জড়িত আছিল আৰু সেয়েহে সকলোকে UAPA- ৰ অধীনত অপৰাধৰ বাবে দোষী সাব্যস্ত কৰা হয় বুলি ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰে।

উল্লেখ্য যে ২০১৯ চনৰ মাৰ্চ মাহত তদন্তকাৰী সংস্থা নিয়াই অভিযোগ দাখিল কৰি এই গোচৰৰ তদন্ত আৰম্ভ কৰিছিল। তদন্তকাৰী সংস্থাটোৱে অভিযুক্ত সদস্যসকলক পাকিস্তানস্থিত জঈছ-ই-মহম্মদৰ সদস্যই প্ৰশিক্ষণ দিছিল বুলি অভিযোগ কৰিছিল।

আদালতে উল্লেখ কৰে যে জঈছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰৰ ভাতৃ মুফতি আব্দুল ৰৌফ আছগাৰে সংগঠনটোৰ অন্যান্য জ্যেষ্ঠ সেনাধ্যক্ষৰ সৈতে ভাৰতৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হোৱাৰ ষড়যন্ত্ৰত লিপ্ত হৈছিল।

এই ষড়যন্ত্ৰৰ পিছতে শেহতীয়াকৈ বৃহৎ সংখ্যক পাকিস্তান প্ৰশিক্ষিত সন্ত্ৰাসবাদী, জঈছ-ই-মহম্মদৰ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰীসহ প্ৰশিক্ষণপ্ৰাপ্ত সদস্য ভাৰতীয় ভূখণ্ডত অবৈধভাৱে অনুপ্ৰৱেশ কৰিছে বুলি আদালতে লগতে কয়।

আদালতে উল্লেখ কৰা মতে আন এগৰাকী পাকিস্তানী নাগৰিক কাৰি মুফতি ইয়াছিৰে ভাৰতত অনুপ্ৰৱেশ কৰি দক্ষিণ কাশ্মীৰত উপস্থিত হৈ জম্মু-কাশ্মীৰ আৰু দিল্লী-এনচিআৰকে ধৰি ভাৰতৰ অন্যান্য অঞ্চলত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত কৰিবলৈ স্থানীয় কাশ্মীৰী যুৱকক নিযুক্তি, প্ৰশিক্ষণ আৰু প্ৰেৰণা দিছিল।

এই সদস্যসকলক গুৰুত্বপূৰ্ণ লক্ষ্যৰ গোপনীয়তা আৰু দিল্লীত আত্মগোপন স্থান ঠিক কৰাৰ লগতে উত্তৰ প্ৰদেশ আৰু অন্যান্য ৰাজ্যৰ যুৱক-যুৱতীসকলক উগ্ৰপন্থী কৰি নিযুক্তি দিয়াৰ লক্ষ্যৰে বিশেষভাৱে দিল্লীলৈ প্ৰেৰণ কৰা হৈছিল বুলি আদালতে শুনানিত কয়।

লগতে তেওঁলোকক অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যেৰে ভাৰতৰ ঐক্য, অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই আনি ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ প্ৰেৰিত কৰিছিল বুলিও আদালতে ৰায়ত উল্লেখ কৰে।

 

 

 

 

 

 

 

 

 

 

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

নতুনকৈ ওজন বঢ়াব বিচৰাসকলৰ বাবে প্ৰটিন পাউডাৰ বাছনি আৰু ব্যৱহাৰৰ সহজ উপায়

July 9, 2026 6:45 am
লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

যোৱা ১৩ বছৰ ধৰি চৰকাৰী সম্পত্তি বেদখল কৰি ৰাখিছে কংগ্ৰেছে, আৰ টি আইৰ উত্তৰত উন্মোচন ভয়ংকৰ তথ্য

July 9, 2026 9:33 am
গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

গলব্লাডাৰত ১১ মিলিমিটাৰৰ পাথৰ লৈ দিলজিৎ দোছাঞ্জ, চাইলেণ্ট ষ্টোনক অৱহেলা কৰাটো কিমান বিপজ্জনক জানক

July 9, 2026 7:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd