মানাহৰ নতুন সদস্য হ’ল কাজিৰঙাৰ পৰা অনা দুটা গঁড় পোৱালি

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ নতুন সদস্য হ’ল দুটাকৈ গঁড়ৰ পোৱালি। গঁড় পোৱালি দুটাৰ এটা মতা আৰু আনটো মাইকী। কাজিৰঙাৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পৰা এই গঁড় পোৱালি দুটা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ অনা হয়।

২০১৬ চনতে হোৱা বানপানীৰ সময়ত মাকৰ পৰা বিচ্ছিন্ন হৈছিল গঁড পোৱালি দুটা। আৰু পিছত কাজিৰঙা বন্যপ্ৰাণী উদ্ধাৰ তথা সংস্থাপন কেন্দ্ৰই গঁড় পোৱালি দুটা উদ্ধাৰ কৰি লালন-পালন কৰি ডাঙৰ-দীঘল কৰিছিল।

আজি পুৱাৰ ভাগত গঁড় পোৱালি কেইটা কাজিৰঙাৰ পৰা আনি মানাহৰ ৰাইনো কেম্পৰ সমীপত থকা ‘বুমা’ৰ ভিতৰত মুকলি কৰি দিয়া হয়। বৰ্তমান ‘বুমা’ৰ ভিতৰতে পৰ্যবেক্ষণত ৰখা হ’ব এই গঁড় পোৱালি কেইটাক।

মন কৰিবলগীয়া যে ইয়াৰ পূৰ্বেও কাজিৰঙাৰ পৰা আনি মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিয়া হৈছিল দুটাকৈ গঁড় পোৱালি। বৰ্তমান আজি মুকলি কৰি দিয়া গঁড় দুটাৰ সৈতে মানাহত গঁড়ৰ সংখ্যা ৩৯ টা হ’লগৈ।