NORTHEAST NOW (Assamese)

নিউ বঙাইগাঁৱৰ ৰে’লৱে জংচনত চুৰি স্কুটীসহ দুই চোৰক আটক

May 26, 2021 10:56 pm · প্ৰণৱ কুমাৰ ডেকা
Updated: May 26, 2021 10:59 pm

বঙাইগাঁও চহৰৰ নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ সন্মুখত আৰক্ষীয়ে এখন চুৰি স্কুটীসহ দুজন কুখ্যাত চোৰক কৰায়ত্ব কৰে ৷

ধৃত চোৰ দুজন চিৰাং জিলাৰ বাসুগাঁৱৰ ২ নং ৱাৰ্ডৰ সুমন দে সৰকাৰ আৰু ঢালিগাঁও থানাৰ অন্তৰ্গত চাপাগুৰি গৌজনপুৰীৰ অমিত বসুমতাৰী ।

জানিব পৰা মতে নিউ বঙাইগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া শিৱপ্ৰসাদ কলিতাই আৰক্ষীৰ দলসহ টহল দি থকা অৱস্থাত নিউ বঙাইগাঁও ৰে’লৱে জংচনৰ সন্মুখত এখন স্কুটীত অহা দুজন যুৱকক প্ৰত্যক্ষ কৰে ৷

যুৱক দুজনে আৰক্ষীৰ দলটোক দেখি এ এচ ২৬ ৭৩২৩ নম্বৰৰ স্কুটীখন এৰি পলায়ন কৰিবলৈ লোৱাৰ সময়তে দুয়োকে কৰায়ত্ব কৰে আৰু সোধা- পোছা কৰে।

কিন্তু দুয়োৰে কথা- বতৰাত আৰক্ষীৰ সন্দেহ ওপজে আৰু আটক কৰি আৰক্ষী পহৰা চকীলৈ নি জেৰা কৰাত স্কুটীখন বাসুগাঁৱৰ পৰা চুৰি কৰি অনা বুলি স্বীকাৰ কৰে ৷

আৰক্ষীয়ে ধৃত চোৰ দুজনৰ পৰা এটা মাষ্টাৰ চাবিও উদ্ধাৰ কৰে ৷
যিটো চাবিৰে স্কুটীখন চুৰি কৰি আনিছিল ৷ আৰক্ষীয়ে জানিব দিয়া মতে ধৃত চোৰ দুজন ইয়াৰ পূৰ্বেও বহু চুৰি কাৰ্যৰ সৈতে জড়িত ৷

আৰক্ষীয়ে চোৰ দুজনৰ বিৰুদ্ধে এটা নিজাববীয়াকৈ গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে ৷
জেৰাত আৰক্ষীয়ে ধৃত চোৰ দুজনে ইয়াৰ পূৰ্বে চুৰি কৰা বাহনৰ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে ৷

Related News