NORTHEAST NOW (Assamese)

ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ দুই প্ৰাৰ্থী; বিতৰ্কৰ মাজত বিৰোধী ঐক্য

April 1, 2022 6:50 am · এন ই নাও নিউজ, গুৱাহাটী
ৰাজ্যসভালৈ নিৰ্বাচিত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ক্ৰমে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰণগৌৰা নাৰ্জাৰী।

অৱশেষত বৃহস্পতিবাৰে নিশা ঘোষণা কৰা অসমৰ ৰাজ্যসভা নিৰ্বাচনৰ ফলাফলত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী দুগৰাকীয়ে জয় লাভ কৰিছে।

বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পবিত্ৰ মাৰ্ঘেৰিটা আৰু ৰৌণগৌৰা নাৰ্জাৰী ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে।

পৱিত্ৰ মাৰ্ঘেৰিটাই ৪৬ টা ভোট লাভ কৰে। ৰৌণগৌৰা নাৰ্জাৰীয়ে লাভ কৰে ৪৪ টা ভোট।

বিৰোধী দল সমৰ্থিত কংগ্ৰেছ প্ৰাৰ্থী ৰিপুন বৰা পৰাজিত হয়। ৰিপুন বৰাই লাভ কৰিলে ৩৫ টা ভোট। ৰিপুন বৰাৰ পক্ষৰ ১টা ভোট নষ্ট হয়।

লগতে পঢ়ক: শিক্ষকৰ নাথাকিব কোনো অতিৰিক্ত বোজা; শিক্ষাদানেই হ’ব প্ৰাথমিক আৰু প্ৰধান লক্ষ্য

এইবাৰ ৰাজ্যসভা নিৰ্বাচনকলৈ বিগত কেইদিন ধৰি শাসক-বিৰোধীৰ মাজত এখন অতি আমোদজনক নাটক চলি আছিল।

ভোট-কিনা-বেচাকলৈও বিভিন্ন বিতৰ্কৰ সূত্ৰপাত ঘটিছিল।

দ্বিতীয়খন আসনত বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী ৰিপুন বৰা বিজয়ী হোৱাৰ সম্ভাৱনা থকাৰ পিছতো শেষ মুহূৰ্তত বিৰোধীৰ মাজত যি ধৰণৰ বিভাজনৰ সৃষ্টি হ’ল তাকলৈ স্বাভাৱিকতে এতিয়া এক বিতৰ্কৰ অৱতাৰণা হৈছে।

Related News