NORTHEAST NOW (Assamese)

ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত একেখন জিলাতে সংঘটিত দুটাকৈ ধৰ্ষণকাণ্ড

December 22, 2022 11:18 pm · এন ই নাও নিউজ, গুৱাহাটী

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত থকা উত্তৰ প্ৰদেশত পুনৰ দুটাকৈ ধৰ্ষণকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ গ’ন্দা জিলাত ধৰ্ষণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে এগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গ’ন্দা জিলাৰ কোটোৱালি নগৰ থানা এলেকাৰ এগৰাকী যুৱতীয়ে ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ তুলি চিভিল লাইনছ অঞ্চলৰ এগৰাকী বাসিন্দাৰ এজাহাৰ দাখিল কৰিছে।

অভিযোগকাৰী যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অভিযুক্ত ব্যক্তিগৰাকীক লগ পাইছিল আৰু পিছত তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ব্যক্তিগৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত যুৱতীগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে সন্মতি দিয়ে।

কিন্তু এবছৰ ধৰি এই প্ৰলোভন দেখুৱাই অভিযুক্তই তেওঁক যৌন শোষণ অব্যাহত ৰাখে আৰু সেই সময়ছোৱাত দুবাৰকৈ গৰ্ভপাত কৰিবলৈ বাধ্য কৰে বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। লগতে তেওঁক অভিযুক্তই প্ৰায়ে নগদ ধন আৰু অলংকাৰৰ বাবে হাৰাশাস্তি কৰা বুলিও যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে।

অভিযোগ অনুসৰি অভিযুক্তই বিয়াৰ অজুহাতত দীৰ্ঘদিন ধৰি এনে ঘটনা অব্যাহত ৰাখে যদিও পিছত যুৱতীগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। এনে পৰিস্থিতিত যুৱতীগৰাকীয়ে বুধবাৰে সন্ধিয়া মহানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আনহাতে জিলাখনত পোহৰলৈ অহা দ্বিতীয়টো ধৰ্ষণৰ ঘটনাত অভিযুক্তই ব্লেকমেইলিঙৰ জৰিয়তে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিনৰ পৰা যৌন আতিশয্য চলাই অহা বুলি জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ মেনেজাৰৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

অভিযোগ অনুসৰি অভিযুক্ত যুৱকগৰাকীয়ে কিশোৰীগৰাকীৰ কিছু ব্যক্তিগত ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ধৰ্ষণ কৰে। দুমাহ পূৰ্বে পোনপ্ৰথমে এই ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পিছতো এই ভাবুকিৰে ব্লেকমেইলিং কৰি যুৱকগৰাকীয়ে যৌন নিৰ্যাতন অব্যাহত ৰাখিছিল বুলি অভিযোগ তুলিছে কিশোৰীগৰাকীয়ে।

এই অভিযোগৰ ভিত্তিত বুধবাৰে সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু কিশোৰীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে জিলা মহিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Related News