DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

ধোঁৱাচাঙত নাৰী সুৰক্ষা: যোগীৰ উত্তৰ প্ৰদেশত একেখন জিলাতে সংঘটিত দুটাকৈ ধৰ্ষণকাণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 22, 2022 11:18 pm
Rape in Uttar Pradesh
167
VIEWS
Share on FacebookShare on Twitter

মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষত থকা উত্তৰ প্ৰদেশত পুনৰ দুটাকৈ ধৰ্ষণকাণ্ডৰ ঘটনা পোহৰলৈ আহিছে। ৰাজ্যখনৰ গ’ন্দা জিলাত ধৰ্ষণৰ অভিযোগ তুলি আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰিছে এগৰাকী যুৱতী আৰু এগৰাকী কিশোৰীয়ে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে গ’ন্দা জিলাৰ কোটোৱালি নগৰ থানা এলেকাৰ এগৰাকী যুৱতীয়ে ধৰ্ষণৰ বলি হোৱা বুলি অভিযোগ তুলি চিভিল লাইনছ অঞ্চলৰ এগৰাকী বাসিন্দাৰ এজাহাৰ দাখিল কৰিছে।

অভিযোগকাৰী যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰা মতে ছ’চিয়েল মিডিয়াৰ জৰিয়তে তেওঁ অভিযুক্ত ব্যক্তিগৰাকীক লগ পাইছিল আৰু পিছত তেওঁৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। ব্যক্তিগৰাকীয়ে বিবাহৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছত যুৱতীগৰাকীয়ে তেওঁৰ সৈতে যৌন সম্পৰ্ক স্থাপনৰ বাবে সন্মতি দিয়ে।

কিন্তু এবছৰ ধৰি এই প্ৰলোভন দেখুৱাই অভিযুক্তই তেওঁক যৌন শোষণ অব্যাহত ৰাখে আৰু সেই সময়ছোৱাত দুবাৰকৈ গৰ্ভপাত কৰিবলৈ বাধ্য কৰে বুলি অভিযোগ কৰিছে যুৱতীগৰাকীয়ে। লগতে তেওঁক অভিযুক্তই প্ৰায়ে নগদ ধন আৰু অলংকাৰৰ বাবে হাৰাশাস্তি কৰা বুলিও যুৱতীগৰাকীয়ে এজাহাৰত উল্লেখ কৰিছে।

অভিযোগ অনুসৰি অভিযুক্তই বিয়াৰ অজুহাতত দীৰ্ঘদিন ধৰি এনে ঘটনা অব্যাহত ৰাখে যদিও পিছত যুৱতীগৰাকীক বিয়া কৰাবলৈ অস্বীকাৰ কৰে। এনে পৰিস্থিতিত যুৱতীগৰাকীয়ে বুধবাৰে সন্ধিয়া মহানগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।

আনহাতে জিলাখনত পোহৰলৈ অহা দ্বিতীয়টো ধৰ্ষণৰ ঘটনাত অভিযুক্তই ব্লেকমেইলিঙৰ জৰিয়তে এগৰাকী দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক দীৰ্ঘদিনৰ পৰা যৌন আতিশয্য চলাই অহা বুলি জিলা আৰক্ষী অধীক্ষকে জানিবলৈ দিছে। ছাত্ৰীগৰাকীয়ে অধ্যয়ন কৰা বিদ্যালয়খনৰ মেনেজাৰৰ পুত্ৰৰ বিৰুদ্ধে উত্থাপন হৈছে এই অভিযোগ।

অভিযোগ অনুসৰি অভিযুক্ত যুৱকগৰাকীয়ে কিশোৰীগৰাকীৰ কিছু ব্যক্তিগত ফটো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকি দি ধৰ্ষণ কৰে। দুমাহ পূৰ্বে পোনপ্ৰথমে এই ধৰ্ষণ কাণ্ড সংঘটিত হৈছিল বুলি আৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ইয়াৰ পিছতো এই ভাবুকিৰে ব্লেকমেইলিং কৰি যুৱকগৰাকীয়ে যৌন নিৰ্যাতন অব্যাহত ৰাখিছিল বুলি অভিযোগ তুলিছে কিশোৰীগৰাকীয়ে।

এই অভিযোগৰ ভিত্তিত বুধবাৰে সংশ্লিষ্ট ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে আৰু কিশোৰীগৰাকীক চিকিৎসা পৰীক্ষাৰ বাবে জিলা মহিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি এগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

Recent News

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

তিনিদিন পূৰ্বেই আহিছিল তুৰস্ক-চিৰিয়াত ভয়ংকৰ ভূমিকম্পৰ পূৰ্বানুমান? ভাইৰেল গৱেষকৰ পোষ্ট

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd