ঘৰত নাছিল পিতৃ-মাতৃ। সেই সময়তে দুৱাৰ ভাঙি ঘৰত প্ৰৱেশ কৰি দুই নাবালকক জীৱন্তে জ্বলাই দিয়া হৈছে। এনে এক নৰকীয় ঘটনাৰ সাক্ষী হৈছে পাটনা।
পাটনা এইমছত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে এহাল দম্পতীয়ে। বৃহস্পতিবাৰে অচিনাক্ত দুষ্কৃতিকাৰীয়ে নিজৰ দুই নাবালক সন্তানক এইদৰে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দম্পতীহালৰ ঘৰ পাটনাৰ জানিপুৰ অঞ্চলত। তাতেই দুস্কৃতিকাৰীয়ে ঘৰ ভাঙি প্ৰৱেশ কৰে। নাবালক দুজন অলপ আগতে ঘৰলৈ উভতি আহিছিল।
মৃত শিশু দুটিৰ নাম অঞ্জলি আৰু অংশ। তেওঁলোকৰ পিতৃ-মাতৃৰ নাম হৈছে শোভা দেৱী আৰু লালন কুমাৰ গুপ্তা। দুয়োজনেই পাটনা এইমছ হাস্পতালত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰে।
এই ঘটনাত জানিপুৰ আৰক্ষী থানাই এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ঘটনাস্থলীত উপস্থিত হয় বৃহৎ আৰক্ষী বাহিনী। ঘটনাস্থলীৰ তদন্ত অব্যাহত থকা বুলি আৰক্ষীয়ে অৱগত কৰিছে। এই ঘটনা কিয় সংঘটিত হ’ল আৰু ইয়াৰ আঁৰত কোন আছে সেই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাইছে।
এনে অপৰাধৰ ঘটনাত সমগ্ৰ অঞ্চলটোত ক্ষোভ বিয়পি পৰিছে। শেহতীয়াকৈ বিহাৰত সংঘটিত হৈছে বিভিন্ন অপৰাধ। ইটোৰ পিছত সিটোকৈ গুলীচালনা, ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈছে। সেই পৰিৱেশত এনে ঘটনাৰ বাবে পাটনাত সুৰক্ষাক লৈ আতংকৰ সৃষ্টি হৈছে।