বিবুধিত চিকিৎসা বিজ্ঞানী: চীনত পুনৰ ক’ৰ’ণাত আক্ৰান্ত দুগৰাকীকৈ ৰোগমুক্ত লোক!

Story-6-25-1140x570

বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা মাৰাত্মক ক’ৰ’ণা ভাইৰাছত যিসকল লোক আক্ৰান্ত হৈ ৰোগমুক্ত হৈছে তেওঁলোকে পুনৰ এই ৰোগ বিধত আক্ৰান্ত হোৱাৰ তিলমানো আশংকা নাই বুলি বিজ্ঞানী সকলে কৈ আহিছে যদিও শেহতীয়াকৈ চীনত ইয়াৰ ব্যতিক্ৰম ঘটিছে।

ক’ৰ’ণা ভাইৰাছৰ প্ৰথম সংক্ৰমণ আৰম্ভ হোৱা চীনত এতিয়া ৰোগ বিধ নিয়ন্ত্ৰণলৈ আহিছে যদিও দেশখনত পুনৰ দুগৰাকীকৈ কোভিডৰ পৰা মুক্ত হোৱা লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথাই আচৰিত কৰি তুলিছে চিকিৎসা বিজ্ঞানী সকলক।

দেশখনৰ হুবেই প্ৰদেশৰ এগৰাকী ৬৮ বছৰীয়া মহিলা ক’ৰ’ণাত আক্ৰন্ত হৈছিল ছমাহ পূৰ্বে।

ৰোগ বিধৰ পৰা মুক্তি লাভ কৰা মহিলা গৰাকী পুনৰ কোভিডত আক্ৰান্ত হোৱাৰ কথা নিশ্চিত কৰা হৈছে।

একেদৰে ছাংহাইৰ এজন লোক এপ্ৰিল মাহতে কোভিডত আক্ৰান্ত হৈ ৰোগ মুক্ত হৈছিল যদিও তেওঁৰ দেহতো পুনৰ ধৰা পৰিছে ক’ৰ’ণাৰ উপস্থিতি।

পূৰ্বে চিকিৎসা বিজ্ঞানী সকলে কৈ আহিছিল যে এবাৰ ক’ৰ’ণাত আক্ৰান্ত হৈ ৰোগ মুক্ত হোৱা লোকৰ দেহত ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা এণ্টিবডিৰ সৃষ্টি হয় আৰু সেইবাবে তেওঁ পুনৰ ক’ৰ’ণাত আক্ৰান্ত নহয়।

কিন্তু চিকিৎসা বিজ্ঞানীৰ এনে ঘোষণাক অসাৰ প্ৰতিপন্ন কৰি চীনত দুজনকৈ ক’ৰ’ণামুক্ত লোক পুনৰ ক’ৰ’ণাত আক্ৰান্ত হোৱাৰ কথাই সমগ্ৰ বিষয়টোকে জটিল কৰি তুলিছে।

দক্ষিণ কোৰিয়াৰ বিশেষজ্ঞই কৰা মন্তব্য অনুসৰি যি দুগৰাকী লোকৰ দেহত ক’ৰ’ণা ভাৰিাছ পোৱা গৈছে সেয়া হয়তো তেওঁলোকৰ দেহত ৰৈ যোৱা মৃত ভাইৰাছ হ’ব পাৰে,যাৰ পৰা কোনো লোক সংক্ৰমিত নহয়।