দুগৰাকী ক’ভিড-১৯ পজিটিভ ৰোগী অসমত বুধবাৰে সম্পূৰ্ণৰূপে সুস্থ হৈছে।
জোনাব আলি (৪৬) আৰু নুৰুদ্দিন আলি (৫৫) নামৰ লোক দুজনক বুধবাৰে সন্ধিয়া চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে।
দুয়োগৰাকী ৰোগীক সোণাপুৰ অসামৰিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।
অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুস্থ ব্যক্তি দুগৰাকীৰ উপস্থিতিত আয়োজিত সংবাদমেলত এই কথা সদৰী কৰে।
তেওঁ কয় যে এই দুয়োজন ব্যক্তিয়ে ক’ভিড-১৯ৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে আৰু কোনো ব্যক্তিয়ে তেওঁলোকৰ পৰা সংক্ৰমণ আহিব বুলি ভয় খোৱাৰ কাৰণ নাই।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ত যোৱা ১৩ আৰু ১৪ এপ্ৰিলত নমুনা পৰীক্ষাত দুয়োগৰাকী ব্যক্তিকে ক’ভিড-১৯ নিগেটিভ পোৱা গৈছে।
তাৰ পিছত বুকুৰ এক্সৰে’ আদিতো চিকিৎসকে তেওঁলোকৰ একো বিসংগতি দেখা পোৱা নাই। জ্বৰ-কাঁহ একো পোৱা নাই বুলি চিকিৎসকে প্ৰমাণ পত্ৰ দিছে।
চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে যদিও দুয়োজন ব্যক্তিকে ১৪ দিনৰ বাবে জাগীৰোড কাগজ কলৰ অতিথিশালাত থাকিবলৈ কোৱা হৈছে।
অতিথিশালাত থকাৰ সময়ত দুয়োগৰাকী ব্যক্তিয়ে সাধাৰণ জীৱন যাপন কৰিব পাৰিব আৰু বেলেগ লোকেও তেওঁলোকক সাক্ষাৎ কৰিব পাৰিব বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
তেওঁলোকৰ লগতে আৰু এজন ব্যক্তিক মুকলি কৰিব খোজা হৈছিল যদিও শেহতীয়া পৰীক্ষাত তেওঁক ক’ভিড-১৯ পজিটিভ পোৱাত পুনৰ চিকিৎসাৰ বাবে ৰখা হয়।
ইফালে বৃহস্পতিবাৰে গোৱালপাৰাতো তিনিগৰাকী ৰোগীক মুকলি কৰিব পৰা যাব বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
২০ এপ্ৰিলৰ ভিতৰত আৰু বহুকেইগৰাকী ৰোগীক চিকিৎসালয়ৰ পৰা মুকলি কৰিব পৰা হ’ব বুলি সংবাদমেলত স্বাস্থ্য মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।
দুগৰাকী ৰোগী সুস্থ হৈ উঠাৰ ফলত অসমত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা ২৯লৈ হ্ৰাস পালে। আক্ৰান্ত এজনৰ ইতিমধ্যে মৃত্যু হৈছে।