নাজিৰাত পৌৰ কৰ্মচাৰীৰ দুদিনীয়া সৰ্বাত্মক কৰ্ম বিৰতি

সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্থাৰ আহ্বান মৰ্মে নাজিৰা পৌৰ সভাৰ কৰ্মচাৰী সকলেও আজিৰ পৰা দুদিনীয়া সৰ্বাত্মক কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

পৌৰসভাৰ সমূহত কৰ্মৰত অভিযন্তা আৰু গাণনিক সকলক চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে চৰকাৰে নতুনকৈ নিযুক্তি দিব বিছৰা কাৰ্য প্ৰত্যাহাৰ কৰা , সমূহ মাষ্টাৰৰোল আৰু হৰিজন কৰ্মী সকলক চাকৰি নিয়মীয়া কৰা আদি দাবীকে ধৰি পৌৰ কৰ্মচাৰীৰ দিৰ্ঘদিনীয়া ৫ দফীয়া দাবী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰী পক্ষই অলপো গুৰুত্বাৰোপ নকৰাৰ প্ৰতিবাদত পৌৰ কৰ্মচাৰীৰ এই দুদিনীয়া সৰ্বাত্মক কৰ্ম বিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ।

এই প্ৰতিবাদী কাৰ্যসূচীৰ পিছতো চৰকাৰী পক্ষই কোনো গুৰুত্ব প্ৰদান নকৰে তেন্তে ইয়াতকৈ অধিক তীব্ৰ‌ ৰূপত গণ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি প্ৰতিবাদকাৰী পৌৰ কৰ্মচাৰী সকলে সকীয়াই দিয়ে ।