টীয়কত প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী বাহিনীৰ দীৰ্ঘদিনীয়া বিভিন্ন দাবী পুৰণৰ বাবে দুদিনীয়া কৰ্মবিৰতি

Screenshot_2021-03-01-15-50-06_1

টীয়কত সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সংস্থাৰ অসহযোগ আন্দোলন।

১ মাৰ্চৰ পুৱা ৬  বজাৰ পৰা ৩ মাৰ্চৰ পুৱা ৬ বজালৈকে হ’বলগীয়া এই অসহযোগ আন্দোলনত টীয়ক আৰক্ষী থানা এলেকাৰ অন্তৰ্গত সকলো গৃহৰক্ষী জোৱানে অংশগ্ৰহণ কৰিছে।

গৃহৰক্ষী বাহিনীৰ জোৱানসকলে তিনিটাকৈ মূল দাবীৰে মংগলবাৰৰ পৰা কৰ্মবিৰতিৰ সহযোগ ঘোষণা কৰিছে।

অসমৰ গৃহৰক্ষী জোৱানসকলে মূলতঃ চাকৰি নিয়মীয়াকৰণ কৰা, মহামান্য উচ্চতম ন্যায়লয়ৰ নিৰ্দেশ মৰ্মে সমান কামৰ সমান দৰমহা আৰু গৃহৰক্ষী জোৱানসকলৰ মকৰলৰ ক্ষেত্ৰত “অনলাইন ডেপ্লয়মেন্ট চিষ্টেম “অনতি পলমে বন্ধ কৰাৰ দাবীৰে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

লগতে অনতি পলমে চৰকাৰখনক দাবীসমূহ মানি ল’বলৈ কাতৰ আহ্বান জনাইছে গৃহৰক্ষী জোৱানসকলে।