NORTHEAST NOW (Assamese)

১০ আৰু ১১ মে’ত হোজাইত ৰঙালী বিহু উৎসৱ

May 2, 2019 11:06 am · নিখিল মুন্দ্ৰা
Updated: May 2, 2019 11:07 am
প্ৰতীকী ছবি।

অহা ১০ আৰু ১১ মে’ত হোজাই ৰঙালী বিহু সন্মিলনীয়ে দুদিনীয়া কাৰ্যসূচীৰে হোজাই নগৰৰ গান্ধী বিদ্যাপীঠ হাইস্কুল খেলপথাৰত ৰঙালী বিহু উৎসৱ উদযাপন কৰিব।

অনুষ্ঠানটো সুচাৰুৰূপে পালন কৰাৰ উদ্দেশ্যে ছামছুল হকক সভাপতি, জীৱন শৰ্মা আৰু ছাইদুল ইছলামক কাৰ্যকৰী সভাপতি, ৰঞ্জন বৰা, মৃদুল শইকীয়া আৰু বাপন সাহাক সম্পাদক আৰু গজেন্দ্ৰ নাথ শৰ্মাক ধন ভৰালি হিচাপে লৈ এখন কমিটি গঠন কৰা হয়।

আয়োজকসলকে জনোৱা অনুসৰি ১০ মে’ৰ পুৱা ৯ বজাত পতাকা উত্তোলনেৰে আৰম্ভ হ’ব লগীয়া প্ৰথম দিনাৰ কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে দিনৰ ভাগত খেল-ধেমালি, কুইজ আৰু বক্তৃতা প্ৰদান আদি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

নিশালৈ স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান থাকিব।

সেইদৰে ১১ মে’ৰ দিনৰ ২ বজাৰ পৰা ক্ৰীড়া প্ৰতিযোগিতা, নিশা ৭ বজাৰ পৰা বঁটা প্ৰদান অনুষ্ঠান আৰু নিশা ৮ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান চলিব। ১১ তাৰিখৰ সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কণ্ঠশিল্পী মালবিকা বৰা, অংশুমান পাল আদিয়ে সংগীতানুষ্ঠান পৰিৱেশন কৰিব।

Related News